আই এল পি দাবীত মেঘালয় কেবিনেটৰ অনুমোদন

Conrad Sangma Meghalaya to charge liquor fee from military, paramilitary forces

কনৰাদ চাংমাৰ ফাইল ছবি।

মেঘালয় চৰকাৰে ৰাজ্যখনত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ দাবীৰে মঙলবাৰে কেবিনেট প্ৰস্তাৱ গ্ৰহণ কৰিছে।

এই প্ৰস্তাৱ মেঘালয় বিধান সভাত গ্ৰহণৰ বাবে কনৰাদ চাংমা চৰকাৰে দাখিল কৰিব।

Eastern Bengal Frontier Regulation, 1873ৰ অধীনত ৰাজ্যখনত আই এল পি ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে মেঘালয় চৰকাৰে কেন্দ্ৰক আহ্বান জনাব।

মুখ্য মন্ত্ৰী কনৰাদ চাংমাই মঙলবাৰে সংবাদ মাধ্যমক জনোৱামতে কেবিনেটে সৰ্বসন্মতিক্ৰমে এই অনুমোদন জনাইছে।

“বৃহস্পতিবাৰে ৰাজ্য বিধান সভাৰ এদিনীয়া বিশেষ অধিৱেশনত ইয়াক পাৰণ কৰা হ’ব,” চাংমাই জনায়।

ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ ওচৰত শাসকীয় মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ প্ৰতিনিধি দলে ইতিমধ্যে এই দাবী উত্থাপন কৰিছে।

“চৰকাৰৰ স্থিতি খুব দৃঢ় আৰু আমি গৃহ মন্ত্ৰীক জনাইছিলো যে আমি এই প্ৰস্তাৱ গ্ৰহণ কৰিম,” চাংমাই জনায়।

আই এল পিৰ সিদ্ধান্ত ৰাজ্য বিধান সভাত গ্ৰহণৰ প্ৰয়োজন নাই আৰু ৰাজ্য চৰকাৰে জাননী জাৰি কৰি এই কাম কৰিব পাৰে বুলি চৰ্চিত যুক্তি চাংমাই নাকচ কৰিছে।

“Eastern Bengal Frontier Regulationৰ প্ৰস্তাৱনাই ক’ত ইয়াক জাৰি আৰু ৰূপায়ণ কৰিব পাৰি সেয়া সংজ্ঞায়িত কৰিছে। প্ৰস্তাৱনাটো ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ জাননীৰ যোগেদি সলনি কৰা হৈছে। শেহতীয়াকৈ যোৱা ১১ ডিচেম্বৰত মণিপুৰক সংযোজন কৰা হৈছে। যেতিয়ালৈকে আৰু যদিহে প্ৰস্তাৱনাত ই নাথাকে, আৰু মেঘালয় শব্দটো অন্তৰ্ভুক্ত কৰা নহয়, ই সম্ভৱ নহয়,” চাংমাই কয়।

শেহতীয়াকৈ গৃহীত নাগৰিকত্ব (সংশোধন) আইন ২০১৯এ ষষ্ঠ অনুসূচী আৰু আই এল পিৰ অন্তৰ্ভুক্ত অঞ্চলসমূহক ইয়াৰ আওতাৰ বাহিৰত ৰাখিছে।