NORTHEAST NOW (Assamese)

সাম্প্ৰদায়িক মন্তব্য কৰিও টিঘিলঘিলনি মুখ্যমন্ত্ৰী হিমন্তৰ! গ্ৰেপ্তাৰৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ!  

July 17, 2023 10:40 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 17, 2023 10:28 am

মূল্যবৃদ্ধিৰ বাবে মিঞাক দোষাৰোপ কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেৱল দেশতে সমালোচনা সীমাৱদ্ধ হৈ থকা নাই। আন্তঃৰাষ্ট্ৰীয় স্তৰতো মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তীব্ৰ সাম্প্ৰদায়িক আৰু ঘৃণামূলক মন্তব্যৰ বাবে সমালোচিত হৈছে।

ইয়াৰ মাজতে মুখ্যয়মন্ত্ৰী ডঃ শৰ্মাক তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছে দেশৰ এখন ৰাজ্যৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে। জন্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপিৰ সভানেত্ৰী মেহবুবা মুফতিয়ে চোকা ভাষাৰে সমালোচনা কৰিছে মুখ্যয়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

নিজৰ টুইটাৰ হেণ্ডলত টুইট কৰি মেহবুবা মুফতিয়ে কয় যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বিজেপি নেতৃত্বাধীন চৰকাৰে নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিৰ মোকাবিলা কৰাত ব্যৰ্থ হোৱাটোকে প্ৰতীয়মান কৰিছে।

জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে শর্মাৰ বিৰুদ্ধে ন্যায়পালিকাক নিজাববীয়া গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে। তেওঁ কয় যে ধাৰাবাহিকভাৱে সাম্প্ৰদায়িক আৰু ঘৃণামূলক তথা সমাজত বিষবাষ্প বিয়পোৱা মন্তব্য কৰা লোকৰ বিৰুদ্ধে ন্যায়পালিকাই ব্যৱস্থা গ্ৰহণ কৰি লাগে।

উল্লেখ্য, উচ্চতম ন্যায়ালয়ে ঘৃণামূলক মন্তব্যৰ বিৰুদ্ধে অতি কঠোৰ নিৰ্দেশ দি থৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে হিমন্ত বিশ্বৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়া অপৰাধমূলক গোচৰ ৰুজু কৰিব লাগিছিল। যি গোচৰ ৰুজু কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত।

ইফালে টুইটাটোত মুফটিয়ে আৰু কয়, “অসমৰ মুখ্যমন্ত্ৰীয়ে মুছলমানক মূল্যবৃদ্ধিৰ বাবে দোষাৰোপ কৰাটোৱে বিজেপি চৰকাৰৰ নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি, আৰু উন্নয়নৰ ব্যৰ্থতাৰহে পৰিচয় দিয়ে। হিমন্ত বিশ্বই হিন্দুসকলক মুকলিকৈ আহ্বান জনাইছে যে তেওঁলোকৰ সামান্য যি জীৱিকাৰ পথ— শাক-পাচলিৰ বজাৰখনকো বলপূৰ্বকভাৱে কাঢ়ি নিব লাগে।”

ৰাহুল গান্ধীয়ে দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সৰৱ হোৱাৰ বাবেই ন্যায়পালিকাই তাৎক্ষণিকভাৱে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ উদাহৰণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও ন্যায়পালিকাই তদন্ত কৰি তাৎক্ষণিক পদক্ষেপ ল’ব লাগে বুলি দাবী কৰিছে মেহবুবা মুফটিয়ে।

Related News