NORTHEAST NOW (Assamese)

য়ুনিক’ডকে ধৰি প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় মানবোৰত অসমীয়া লিপিক অন্তৰ্ভুক্ত কৰিবলৈ প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ

September 24, 2018 3:37 pm · এন ই নাও নিউজ
প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত গুণজিত কাশ্যপৰ হাতত তুলি দিয়াৰ সময়ত।

আজি সচেতন নাগৰিকৰ এটা ৬জনীয়া দলে অসমীয়া লিপিক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মানবোৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাই ডাঃ সত্যকাম ফুকনৰ নেতৃত্বত ৫০০জন ব্যক্তিৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ৫০০জন লোকৰ চহী থকা এই আৱেদন সম্বলিত স্মাৰকপত্ৰখন আজি ১১.৩০ বজাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ জৰিয়তে প্ৰেৰণ কৰা হয়। উক্ত সময়ত উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল অনুপস্থিত থকাত অতিৰিক্ত উপায়ুক্ত গুণজিত কাশ্যপৰ হাতত দলটোৱে স্মাৰকপত্ৰখন প্ৰদান কৰে। স্মাৰকপত্ৰখন আগ্ৰহেৰে গ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্তজনে বিশেষ গুৰুত্বসহ বিষয়টো ল’ব বুলি দলটোক আশ্বাস দিয়ে।

উল্লেখযোগ্য যে য়ুনিক’ডকে ধৰি প্ৰচলিত আৰু বহুল ব্যৱহৃত আন্তঃৰাষ্ট্ৰীয় মানবোৰত অসমীয়া লিপি ইয়াৰ স্বকীয়তাৰ সৈতে অন্তৰ্ভুক্ত নোহোৱা বাবে ইণ্টাৰনেট জগত আৰু শৈক্ষিক(academic) উপস্থাপনত বিভিন্ন সমস্যাৰ সৃষ্টি হৈ আহিছে। লগতে অসমীয়া লিপিৰ পৰিচয় সংকটে দেখা দিছে।

ডাঃ সত্যকাম ফুকনৰ নেতৃত্বত যোৱা আজিৰ ৬জনীয়া দলটোত আছিল ক্ৰমে ডাঃ সত্যকাম ফুকন, অঞ্জন চন্দ্ৰ বৰুৱা, অৰিন্দম বৰগোহাঁই, কিশোৰ ডেকা, আজিজুল হক আৰু দুৰ্লভ গগৈ।

Related News