NORTHEAST NOW (Assamese)

চৰা দামত বেচিবলৈ কিনা ১৭,৭০০ বটল হেণ্ড ছেনিটাইজাৰ বোজা হ’ল দুই ভ্ৰাতৃৰ

May 15, 2020 6:40 pm · এন ই নাও নিউজ
হেণ্ড চেনিটাইজাৰ

আমেৰিকাৰ দুজন ককাই-ভায়ে কৰ’নাভাইৰাছ মহামাৰীৰ মাজত চৰা দামত বিক্ৰী কৰি লাভ কৰিবলৈ ১৭,৭০০ বটল হেণ্ড ছেনিটাইজাৰ কিনি ৰাখিছিল।

কিন্তু, এতিয়া বিক্ৰী কৰিব নোৱাৰাত দুয়ো ভাতৃৰ বাবে বোজা হৈ পৰিছে ছেনিটাইজাৰৰ বটলবোৰ।

টেনেছিৰ হিক্সনৰ বাসিন্দা মেট আৰু নোৱা কলভিনে আমেৰিকাত কৰ’নাভাইৰাছত মৃত্যুৰ প্ৰথমটো ঘটনাৰ পিছতে বহু হাজাৰ মাইল গাড়ী চলাই এই ছেনিটাইজাৰ সংগ্ৰহ কৰিছিল।

বাতৰি মতে, তেওঁলোকে এই বটলবোৰ কিনাৰ বাবে ১৫ হাজাৰ ইউ এছ ডলাৰ খৰচ কৰিছিল। আৰু ১ ডলাৰত কিনি প্ৰতিটো বটল অনলাইনত ৭০ ডলাৰকৈ বেচাৰ পৰিকল্পনা কৰিছিল।

মহামাৰী বিয়পি পৰাৰ লগে লগে বজাৰত ছেনিটাইজাৰৰ নাটনি হয় আৰু দামো বৃদ্ধি পায়।

কিন্তু অনলাইনযোগে বিক্ৰী কৰি মুনাফা আৰ্জিব খোজা দুই ভাতৃৰ পৰিকল্পনাত চেঁচা পানী ঢালে এমাজনে।

সংকটৰ সময়ত মুনাফা লুটাৰ চেষ্টা কৰা বাবে এমাজনে দুয়োৰে একাউণ্ট বন্ধ কৰি দিয়ে।

মহামাৰীৰ সময়ত কোনোবাটো পৰিয়ালে এবটলো ছেনিটাইজাৰ কিনিবলৈ নোপোৱাৰ সময়ত তেওঁলোকে ইয়াৰ বাবে ক্ষমা খুজিবনে বুলি সোধাত তেওঁলোকে সেয়া অস্বীকাৰ কৰিছে।

মেটে কয়, ব্যৱসায়ত জয় থাকে আৰু লোকচান থাকে। তেওঁ বোলে কৈছে যে তেওঁ যদি সামান্য লাভ পাবলৈয়ো সক্ষম হয়, তেতিয়াও ঠিক আছে।

এতিয়া বহু মানুহৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত তেওঁ হেণ্ড ছেনিটাইজাৰবোৰ দান কৰি দিব বুলিও প্ৰকাশ পাইছে।

Related News