মহিলাক মদ কিনি দিয়াৰ বিনিময়ত বিচাৰিছিল যৌন সুখ, প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবে কৰিলে এই কাৰ্য

এগৰাকী অকলশৰীয়া মহিলাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছেৰ এজন যুৱক। যোৱা মাহত এটা জোপোহাত উদ্ধাৰ হৈছিল ভুক্তভোগী মহিলাৰ মৃতদেহ।

অভিযুক্তক শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। শনিবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হত্যাকাৰী যুৱকজনক। 

আাৰক্ষীয়ে জনোৱা মতে এই হত্যাকাণ্ড মুম্বাইত সংঘটিত হৈছিল। অভিযুক্তই এগৰাকী গৃহহীন মহিলাৰ সৈতে যৌন সম্ভোগ কৰিব বিচাৰিছিল বুলি জনা গৈছে। 

মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তজনক ৰমজান শ্বেখ (৩৭) বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেডৰ ঠিকাভিত্তিক কৰ্মচাৰী। 

মৃত মহিলাগৰাকী স্বপ্না সতীশ বাথাম (৪০) বুলি চিনাক্ত কৰা হৈছে। তেওঁ গৃহহীন। তেওঁ মধ্য মুম্বাইৰ চেৱৰী অঞ্চলত ৰাস্তাৰ কাষত বাস কৰিছিল। 

ৰমজানে অঞ্চলটোৰ মাজেৰে প্ৰায়ে ভ্ৰমণ কৰিছিল। জানুৱাৰী মাহত ৰমজানে মহিলাগৰাকীক সুৰাৰ প্ৰলোভন দেখুৱাইছিল। ৰমজানে স্বপ্নাক কৈছিল যে যদি তাই তাৰ সৈতে যৌন সম্ভোগ কৰে তেন্তে সি তাইৰ সুৰা কিনি দিব। কিন্তু এই প্ৰস্তাৱত সন্মত হোৱা নাছিল মহিলাগৰাকী। যাৰ বাবে সি সেই ঠাইতে মহিলাগৰাকীক হত্যা কৰি এটা জোপোহাত ওলমাই থৈ যায় মহিলা গৰাকীৰ মৃতদেহ।

আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি কেমেৰাৰ জৰিয়তে অভিযুক্তজনৰ পৰিচয় জানিব পাৰিছিল। তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

উল্লেখ্য যে ৰমজান মহিলাগৰাকীৰ পূৰ্বৰে চিনাকী আছিল। ৰমজানৰ বিৰুদ্ধে ২০১৮ চনত মহিলাগৰাকীৰ কন্যাক অপহৰণ কৰাৰ অভিযোগ আছিল। তাৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।