NORTHEAST NOW (Assamese)

“ঋতুস্ৰাৱৰ ৰক্ত” দেখুওৱা বিজ্ঞাপনৰ বিৰুদ্ধে দিয়া আপত্তি-অভিযোগ নাকচ

September 18, 2019 2:44 pm · এন ই নাও নিউজ
Updated: September 19, 2019 9:24 am
আপত্তি-অভিযোগৰ সৃষ্টি কৰা বিজ্ঞাপনটো।

ঋতুস্ৰাৱৰ সময়ত মহিলাৰ শৰীৰৰ পৰা নিৰ্গত ৰক্ত দেখুওৱা টেলিভিশ্যনৰ এটা বিজ্ঞাপনৰ বিৰুদ্ধে বহুতো নাগৰিকে কৰা আপত্তি আৰু অভিযোগ নাকচ কৰিছে অষ্ট্ৰেলিয়াৰ উদ্যোগ নিয়ামকে (Australia’s industry regulator)।

বিজ্ঞাপনটো ছেনিটেৰি পেডৰ এটা জনপ্ৰিয় ব্ৰেণ্ড Libra-ই দিছিল আৰু তাত তেজৰ দাগলগা অন্তৰ্বাস আৰু ঋতুস্ৰাৱ হৈ থকা এগৰাকী মহিলাৰ ভৰিত তেজৰ চেকুৰা লাগি থকা দেখুওৱা হৈছিল।

টেলিভিশ্যন প্ৰগ্ৰামৰ দৰ্শকসকলে নিচেই কমেও ৬০০খন অভিযোগ দাখিল কৰি বিজ্ঞাপনটো প্ৰদৰ্শনৰ অনুপযুক্ত বুলি আপত্তি কৰিছিল।

কিন্তু তেওঁলোকৰ অভিযোগ সবল যুক্তিসহ নাকচ কৰে উদ্যোগ নিয়ামক কৰ্তৃপক্ষই। এই বাতৰিটো বি বি চি নিউজত প্ৰকাশ কৰা হৈছে।

অভিযোগবোৰ নাকচ কৰাৰ লগতে মহিলাৰ প্ৰাকৃতিক তথা জৈৱিক প্ৰক্ৰিয়া ঋতুচক্ৰক লৈ সমাজত চলি থকা নেতিবাচক ধাৰণাবোৰ আঁতৰোৱাত ই সহায় কৰিব বুলি ইয়াত থকা বাৰ্তাক প্ৰশংসা কৰা হয়।

“এড ষ্টেণ্ডাৰ্ডে” কয়, বিজ্ঞাপনটোৱে সমতাক উৎসাহিত কৰাৰ লগতে ঋতুস্ৰাৱক ৰহস্যকৰ হিচাপে থকা ধাৰণাক দূৰ কৰিব যেন লাগে।

“আমি কিয় ঋতুস্ৰাৱৰ বিষয়ে কথা পাতিব নোৱাৰো। ঋতুস্ৰাৱ সম্পৰ্কীয় লজ্জাই বহুতো স্কুলীয়া ছাত্ৰীৰ জীৱন কাঢ়িছে”, বিজ্ঞাপনটোৰ সপক্ষে এইদৰে কয় নিয়ামক কৰ্তৃপক্ষই।

Libra-ৰ ভিত্তি কোম্পানি Asaleo Care-এ কয় বিজ্ঞাপনটোৱে প্ৰচলিত গোড়া বিশ্বাস (taboo) আৰু মহিলা আৰু ছোৱালীবোৰৰ ঋতুস্ৰাৱ ঘটাৰ সময়ত হোৱা লজ্জাপূৰ্ণ অনুভৱৰ মোকাবিলা কৰিব।

বিজ্ঞাপনটোত “ঋতুচক্ৰ স্বাভাৱিক, তাক প্ৰদৰ্শন কৰাটোও একেই কথা হোৱা উচিত” -এই টেক্সট দেখুওৱা হয়।

যিসকল লোকে ইয়াৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ কৰিছিল, তেওঁলোকে ইয়াক “আপত্তিকৰ, অনুপযুক্ত আৰু অস্বস্তিকৰ” আখ্যা দিছিল।

অভিযোগবোৰৰ প্ৰতি সঁহাৰি দি নিয়ামক কৰ্তৃপই এইটো মানি লৈছে যে কিছুমান লোকে এই শৰীৰজাত স্ৰাৱ টেলিভিশ্যনত প্ৰদৰ্শন নকৰাটো বিচাৰে। কিন্তু লগতে কয়, বিজ্ঞাপনটোৱে কোনো উদ্যোগ নীতি ভংগ কৰা নাই।

নিয়ামক কৰ্তৃপক্ষটোৱে বিজ্ঞাপনটো প্ৰাইম টাইমৰ সময়ত বা শিশুসকলৰ কাৰ্য্যসূ্চী প্ৰচাৰৰ সময়ত প্ৰদৰ্শন কৰাটো উচিত নহয় বুলি কৰা দাবীও নাকচ কৰে।

Related News