• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মানসিক অৱসাদ কিয় আৰু কেনেকৈ?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 10, 2022 3:10 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমানৰ এই জটিল যুগসন্ধিৰ সময়ত মানুহে শাৰীৰিক তথা মানসিকভাৱে সুস্থ হৈ থকাটো একপ্ৰকাৰৰ প্ৰত্যাহ্বান হৈ পৰিছে। প্ৰতিজন ব্যক্তিয়েই প্ৰতিমূহুৰ্ততে নিজৰ অজানিতেই শাৰীৰিক তথা মানসিকভাৱে জীৱনৰ লগত এক যুদ্ধত অৱতীৰ্ণ হ’ব লগাত পৰিছে। কেতিয়াবা কোনো লোকে এই যুদ্ধত জয়ী হৈছে নইবা কেতিয়াবা পৰাজয় হৈ শাৰীৰিক বা মানসিকভাবে ভগি পৰিছে।

অৰ্থাৎ যেতিয়াই মানুহে নিজে বিচৰা ধৰণে জীৱনটোক গঢ় দিবলৈ অপৰাগ হয় নাইবা বিচৰা বস্তু নাপায় তেতিয়াই মানুহে মানসিক অৱসাদত ভোগে। এই মানসিক অৱসাদৰ মূল কাৰণসমূহৰ ভিতৰত মানসিক উদ্বেগ এক প্ৰধান কাৰণ।

Apply Now

এজন ব্যক্তি যিমানে মানসিকভাৱে উদ্বিগ্ন হ’ব সিমানেই তেওঁৰ মানসিক অৱসাদত ভোগাৰ সম্ভাৱনা বৃদ্ধি হয়। সেয়েহে বৰ্তমানৰ এই জটিল সময়ত যি ব্যক্তিয়ে বস্তুবাদী চিন্তাধাৰাৰ পৰা আঁতৰত থাকি ধনাত্মক চিন্তাৰে এক সফল তথা সৰল জীৱন যাপনত ব্ৰতী হ’ব পাৰে তেনে লোকেহে এনেধৰণৰ মানসিক সমস্যাৰ পৰাৰ্মুক্ত হৈ থাকিব পাৰে।

বৰ্তমান সময়ত বিশেষকৈ যুৱ-প্ৰজন্মৰ মাজত এনেধৰণৰ মানসিক সমস্যাই মানসিক ব্যাধিৰ ৰুপ ধাৰণ কৰিছে। বহু যুৱক-যৱতীয়ে এনে মানসিক সমস্যাত ভুগি আত্মহত্যাৰ পথ বাছি লৈছে।

সেয়েহে এই মানসিক সমস্যাৰ পৰা আজিৰ যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবৰ বাবে এনে সমস্যাৰ বিস্তৃত বিশ্লেষণৰ প্ৰয়োজন আহি পৰিছে। অন্যথা হয়তো আৰু বহুতো যুৱ প্ৰতিভাক আমি হেৰুৱাব লাগিব।

একেবাৰে সাধাৰণভাৱে ক’বলৈ গ’লে মানসিক উদ্বেগ হ’ল এক শাৰীৰিক, মানসিক বা আৱেগিকভাৱে হোৱা এক প্ৰতিক্ৰিয়া, যাৰ বাবে আমি সাময়ক ভাৱে মানসিকভাৱে অস্থিৰ হৈ পৰো।

কিন্তু এনেধৰণৰ মানসিক উদ্বেগৰ বাবেই এজন মানুহ শাৰীৰিক বা মানসিকভাৱে সক্ৰিয় হয়। সেয়েহে ধনাত্মকভাৱে চিন্তা কৰিলে প্ৰত্যেক ব্যক্তিৰে কিছু পৰিমাণে উদ্বিগ্নতা থকা উচিত।

কিন্তু সেই মানসিক উদ্বেগক যদি আমি ঋণাত্মক ভাৱে ভাবি বা সমস্যা সমাধানৰ পথ্ নিবিচাৰি মানসিক অৱসাদত ভুগি দিক্‌-বিদিক্‌ হেৰুৱাই পেলাওঁ, তেতিয়াই ই ক্ষতিকাৰক হৈ পৰে।মানসিক উদ্বেগ ধনাত্মকেই হওক বা ঋণাত্মকেই হওক ইয়াৰ তিনিটা স্তৰ থাকে।

প্ৰথম অৱস্থাত কোনো কাৰণৰ বাবে এজন ব্যক্তি মানসিক ভাৱে অস্থিৰ হয়, তাৰ ফলত আমাৰ শৰীৰে সেই অস্থিৰ অৱস্থাক নিয়ণত্ৰণ কৰিবৰ বাবে কিছুমান হৰম’ন নি:সৰণ কৰে। দ্বিতীয় অৱস্থাত আমাৰ মগজুৰ চিন্তা কৰিব পৰা শক্তি বৃদ্ধি হয় আৰু সমস্যা সামাধানৰ পথৰ সন্ধান কৰে আৰু তৃতীয় অৱস্থাত যদিহে দীৰ্ঘসময় ধৰি কোনোধৰণৰ সমাধান-পথ পাবলৈ অপৰাগ হয় তেতিয়া ব্যক্তিজন মানসিক আৰু শাৰীৰিকভাৱে অৱশ হৈ পৰে আৰু মানসিক অৱসাদত ভোগে।

মানসিক উদ্বেগৰ কাৰণবোৰ জানেনে?

মানসিক উদ্বেগৰ প্ৰধান কাৰকবোৰ হ’ল আমাৰ মন বা মানসিক অৱস্থা, সমাজ, জীৱন ধাৰণ প্ৰণালী, জীৱনৰ অভিজ্ঞতা আৰু চিন্তাধাৰা। মানুহ এজেনে যিবোৰ উতসৰ পৰা মানসিক উদ্বেগৰ অভিজ্ঞতা আহৰণ কৰে সেইবোৰৰ ভিতৰত পৰিৱেশ , পাৰিবাৰিক অশান্তি, কৰ্মক্ষেত্ৰৰ সমস্যা, নিজৰ জীৱনৰ সমস্যা, যেনে-কৰ্মস্ংস্থান, প্ৰেম, যৌনজীৱন, সন্দেহ বা অবিশ্বাসৰ ভাব, আৰ্থিক নিৰাপত্তাহীনতা, জীৱনৰ প্ৰত্ৰী ভাবুকি, হতাশা আদিয়েই প্ৰধান।

এইবোৰৰ উপৰি মানুহৰ কিছুমান শাৰীৰিক সমস্যা, যেনে-কৈশোৰ বা যৌৱনপ্ৰাপ্তিৰ সময়ত হোৱা শাৰীৰিক তথা মানসিক পৰিৱৰ্তন, মহিলাসকলৰ ৰজোনিবৃতি ৰোগ, পুষ্টিহীনতা, দৰিদ্ৰতা, নিদ্ৰাহীনতা আদি। ব্যক্তিবিশেষে মানসিক্‌ উদ্বেগৰ কাৰণ ভিন ভিন হ’ব পাৰে।

উদাহৰণস্বৰুপে কোনো এজন লোকে কৰ্মস্ংস্থান নোপোৱাৰ বাবে দৰিদ্ৰতাত ভোগাৰ বাবে মানসিক উদ্বেগত ভুগিব পাৰে, ঠিক সেইদৰে কোনো এজন সুপ্ৰতিষ্ঠিত ব্যৱসায়ীয়ে ব্যৱসায়ত সামান্য লোকচানৰ বাবে বা একোজন চাকৰিয়ালে চাকৰিত হ’ব লগ প্ৰমোচন নহোৱাৰ বাবে মানসিক উদ্বেগত ভুগিব পাৰে।

সেয়েহে যি ব্যক্তিয়ে আৱেগৰ ওপৰত বেছি প্ৰাধন্য দিয়ে তেনে ব্যক্তিৰ আনসিক উদ্বেগত ভোগাৰ প্ৰৱণতাৰ্বেছি। বেছিভাগ লোকে বিভিন্ কাৰকৰ বাবে জীৱন ধাৰণত হ’ব পৰা ক্ষতিৰ আশংকা নাইবা তেওঁৰ জীৱনৰ উচ্চ আকাংক্ষাবোৰ বাস্তৱত ৰুপায়িত নোহোৱাৰ আশ্ংকাৰ বাবে মানসিক উদ্বেগত ভোগে।

বৰ্তমানৰ সমাজ জীৱনত আৰম্ভ হোৱা তীব্ৰ প্ৰতিযোগিতা, বস্তুবাদৰ পয়োভৰ, কৰ্মজীৱনৰ অত্যধিক চাপ, আৰ্থিক নিৰাপত্তাহীনতা তথা প্ৰকৃতিৰ পৰা আঁতৰি থকাৰ বাবেই জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি নাপাই মানুহে অহেতুক মানসিক উদ্বেগ তথা হতাশাৰ চিকাৰ হ’বলগীয়াত পৰিছে।

সেয়েহে যিসকল লোকে জীৱনৰ প্ৰথম স্তৰৰ পৰাই সামাজিক, পৰিবাৰিক তথ আৰ্থিক সমস্যাৰ লগত মুখামুখি হৈ আহিছে তেনে লোকে সহজতে মানসিক উদ্বেগত নোভোগে।

মানসিক উদ্বেগৰ লক্ষণ সমূহৰ বিষয়ে জানো আহক:

প্ৰত্যেক মানুহৰে মানসিক উদ্বেগৰ বাবে প্ৰতিক্ৰিয়া বেলেগ বেলেগ হ’ব পাৰে। কিন্তু সামগ্ৰীক ভাৱে মানসিক উদ্বেগৰ কিছুমান উমৈহতীয়া লক্ষণ প্ৰায় সকলো ব্যক্তিৰ ক্ষেত্ৰ্তে দেখা পোৱা যায়।

উদাহৰণস্বৰুপে মানসিক উদ্বেগত ভোগা লোকে খুব ঘনাই উশাহ-নিশাহ লয়, হাত-ভৰি আদি অনিয়ন্ত্ৰিতভাৱে বা অস্বাভাৱিকভৱে লৰচৰ কৰে, কোনো কাৰণ নোহোৱাকৈ খোজ কাঢ়ি থাকে ইত্যাদি।

শাৰীৰিক লক্ষণবোৰৰ ভিতৰত পেটৰ সমস্যা, ঘনাই শৌচ কৰাৰ প্ৰৱণতা, আভোক, ৰক্তচাপ বৃদ্ধি, বুকুৰ ধপধপনি, টোপনিৰ সমস্যা, সংগতিবিহীন সপোন দেখা আদিয়েই প্ৰধান।

ঠিক সেইদৰে মানসিক লক্ষণবোৰ হ’ল কথা পাহৰা, সিদ্ধান্ত লোৱাত অপাৰগতা, মনোযোগহীনতা, সৰু কথাতে খ্ং কৰা বা উত্তেজিত হোৱা, অন্যমনস্ক হোৱা, অকলশৰীয়াকৈ থাকি ভাল পোৱা, অন্যমনস্কভাৱে নখ কামুৰি থকা, দাঁত কামুৰি থকা, আত্মবিশ্বাস হেৰুৱাই পেলোৱা আদিয়েই প্ৰধান।

কিছুমান লোকে আকৌ মানসিক উদ্বেগৰ বাবে মাদক দ্ৰব্যাদি বেছিকৈ সেৱন কৰে।

মানসিক উদ্বেগ নিয়ন্ত্ৰণৰ উপায়:

মানসিক উদ্বেগ নিয়ন্ত্ৰণ কৰাৰ কেবাটাও উপায় আছে। এই আটাইবোৰ উপায় প্ৰায় একেলগে প্ৰয়োগ কৰিলে সোনকালে সুফল পাব পাৰি। এইবোৰৰ ভিতৰত মনটোক উৎফুল্লিত কৰি ৰাখিবলৈ কিছুমান ভাল লগা কামত নিজকে ব্যস্ত কৰি ৰখা, ধনাত্মক আৰু আধ্যাত্মিক চিন্তাত নিজকে নিয়োগ কৰা, শাৰীৰিক ব্যায়াম তথা শাৰীৰিক বা মানসিক জিৰণি, নিদ্ৰা, সুষম আহাৰ, ঔষধি গুণযুক্ত খাদ্য গ্ৰহণ কৰা ইত্যাদিয়েই প্ৰধান।

প্ৰতিজন মানুহে প্ৰায় প্ৰতিদিনে ধনাত্মক চিন্তাৰে দিনটো আৰম্ভ কৰিব লাগে। প্ৰতিদিনে তেওঁ ভবা উচিত যে অন্তত: আজিৰ দিনটোত মই কোনো ঋণাত্মক চিন্তা নকৰো। এনেদৰে তেওঁ প্ৰতিটো দিনেই উপভোগ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। সময় পালেই নিজে কৰি ভাল পোৱা কাম কিছুমান সাধ্যানুসাৰে কৰিব লাগে।

যিকোনো সমস্যাৰ সন্মুখীন হ’লে প্ৰথমতে তাৰ আটাইতকৈ সহজ ধনাত্মক সমাধানৰ পথটো গ্ৰহণ কৰা উচিত। নিজকে বস্তুবাদী মনোভাৱৰ পৰা আঁতৰাই ৰখা প্ৰয়োজন। আমি যিকোনো মানুহক দেখুৱাবলৈ কৰাতকৈ নিজৰ প্ৰয়োজনানুসৰি আৰু সাধ্যানুসৰিহে কৰিব লাগে।

সেয়েহে আমি জীয়াই থকাৰ কলা আহৰণ কৰিব লাগে। পৰিয়াল, বন্ধু-বান্ধৱ তথা সমাজৰ আন মানুহৰ লগত যথাসম্ভৱ ভাল সম্পৰ্ক ৰক্ষা কৰি চলিব লাগে।আজৰি সময়ত ভাল কিতাপ পঢ়া, গান শুনা, নাটক চোৱা বা ভাল পোৱা কামবোৰ কৰিব লাগে।

কাৰণ এইবোৰ হ’ল মনৰ খাদ্য। সহজ-সৰল জীৱন ধাৰণ আৰু উচ্চ চিন্তা কৰাৰ মানসিকতা গঢ়ি তুলিব লাগে। প্ৰত্যেকৰে জীৱন ধাৰণ প্ৰণালী বেলেগ বেলেগ, কাৰণ পৃথিৱীত জন্ম গ্ৰহণ কৰাপ্ৰতিজন মানুহেই বেলেগ। সেয়েহে কোনো মানুহৰ লগত নিজকে তুলনা কৰিব নালাগে, মাথোঁ নিজৰ সাধ্যানুসাৰে উন্নতি কৰিবলৈ সত প্ৰচেষ্টা হাতত ল’ব লাগে।

মানুহৰ শৰীৰ ভাল থাকিলেহে মন ভাল থাকে। সেয়েহে নিজৰ স্বাস্থ্য ভালে ৰাখিঅবৰ বাবে প্ৰতিদিনে শাৰীৰিক শ্ৰম, ব্যায়াম, সুষম অহাৰ গ্ৰহণ কৰা আদি দৈনন্দিন কাম সুচাৰুৰুপে কৰি যাব লাগে। প্ৰত্যেক মানুহে অপ্ৰয়োজনীয় খবৰত মন দিয়াতকৈ নিজৰ স্বাস্থ্য-বিষয়ক জ্ঞান লাভ কৰিবলৈ স্বাস্থ্য বিষয়ৰ আলোচনী, কিতাপ আদি পঢ়িব লাগে আৰু প্ৰয়োজনানুসাৰে চিকিতসকৰ পৰামৰ্শ গ্ৰহণ কৰি সুস্বাস্থ্যৰ গৰাকী হ’বলৈ চেষ্টা কৰিব লাগে।

বৰ্তমানৰ এই জটিল জীৱন-প্ৰণালীত প্ৰতিজন মানুহৰে সময়ৰ বৰ নাটনি। সেয়েহে প্ৰতিদিনে সময়ৰ সঠিক পৰিকল্পনা কৰাটো বৰ প্ৰয়োজনীয়। আমি প্ৰতিটো সমস্যাৰ কথা ভাবি থাকো কাৰণে মানসিকভাবে ভাগি পৰো আৰু লাহে লাহে ই আমাৰ এক অভ্যাসত পৰিণত হয়।

সেয়েহে সমস্যাৰ কথাবোৰ বা ঋণাত্মক কথাবোৰ ভাবিবৰ বাবে দিনটোৰ অলপ সময় আছুতীয়াকৈ থ’ব লাগে। দেখিব ইয়ে আপোনাৰ মনত এক প্ৰশান্তি দিছে। বৰ্তমান সময়ৰ যুৱ-প্ৰজন্মক কিছুমান কামত অপ্ৰয়োজনীয় ভাৱে বেছিকৈ সময় দিয়া পৰিলক্ষিত হৈছে, যেনে ম;বাইল ফোন, ইণ্টাৰনেট, ফেচবুক বা ছ’চিয়েল নেটৱৰ্কিঙৰ ব্যৱহাৰ আদি। এইবোৰৰ ভাল দিশবোৰতহে সময় খৰচ কৰিব লাগে।

বেছিভাগ মানুহেই আৰ্থিক কাৰণত মানসিকভাৱে উদ্বিগ্ন হোৱা দেখা যায়। সেয়েহে প্ৰতিজন মানুহে নিজৰ সাধ্যানুসাৰে আৰ্থিক পৰিকল্পনা কৰিব লাগে। বিশেষকৈ মিতব্যয়িতা, নিয়মিত সঞ্চয় কৰাৰ অভ্যাস, সঠিক বীমা পৰিকল্পনা, চিকিৎসা তথা অৱসৰৰ পিছৰ আৰ্থিক পৰিকল্পনা আদি সঠিকভাৱে কৰা উচিত। অত্যধিক খৰচ কৰা, ঋণ লোৱাৰ অভ্যাস, আনক ঠগিবলৈ চেষ্টা কৰা আদিয়েই মানসিক অশান্তিৰ মূল কাৰণ।

সন্দেহবাদী মন এটিও কেতিয়াবা মনসিক উদ্বেগৰ মূল কাৰণ হ’ব পাৰে। সেয়েহে পৰিয়ালৰ ৰখা উচিত। বিশেষকৈ পতি-পত্নীৰ প্ৰতিজন সদস্যৰে এজনে-সিজনৰ ওপৰত বিশ্বাস মাজত অতি ভাল সম্পৰ্ক থকা উচিত আৰু বেয়া গুণবোৰ স্ংশোধন কৰিবলৈ চেষ্টা কৰা উচিত। সেয়েহে এটি সুশৃঙ্খলিত জীৱনে আপোনাক মানসিক উদ্বেগৰ পৰা আঁতৰাই এটি সুখৰ জীৱন দিব পাৰে। মানুহে ধনী হোৱাতকৈ সুখী হ’বলৈহে চেষ্টা কৰা উচিত।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd