মানসিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণ কৰি হানি-খুচি হত্যা
উজনি অসমৰ তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত ধলা বজাৰত শনিবাৰে নিশা কোনো দুৰ্বৃত্তই এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক হানি খুচি হত্যা কৰা ঘটনাই সমগ্ৰ ছৈখোৱা অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি ছৈখোৱা অঞ্চলৰ ধলা বজাৰত বিগত কেইবাবছৰ ধৰি প্ৰায়েই ঘূৰি ফুৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক শনিবাৰে নিশা ধলা বজাৰস্থিত ধলা চাহ বাগিচাৰ পথাৰৰ সন্মুখত কোনো দুৰ্বৃত্তই এটা প্ৰকাণ্ড শিলেৰে খুন্দিয়াই হানি খুচি হত্যা কৰি এটি নৰ্দমাত পেলাই থৈ যায়।
দেওবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে মৃতদেহটো নৰ্দমাত পৰি থকা দেখি লগে লগে স্থানীয় ধলা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ঘটনা সংঘটিত হোৱা স্থানৰ সমীপত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত সংগ্লনৰ চিচি টিভি কেমেৰাৰ ভিডিঅ’ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো লোককে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।
মৃতদেহত থকা আঘাতৰ প্ৰতি লক্ষ্য কৰি হত্যাৰ পূৰ্বে হত্যাকাৰীয়ে যুৱতী গৰাকীক ধৰ্ষণ কৰা বুলিও আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে।
ঘটনা সন্দৰ্ভত সঠিক দিশত তদন্ত কৰি দোষীক কৰায়ত্ব কৰাৰ লগতে এনে ধৰণৰ মানৱীয়তাক ভুলুণ্ঠিত কৰা লোকক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিবলৈ ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰসাশনক আহ্বান জনাইছে।