অভিযোগ মুক্ত বৰগোহাঞি, #meTooৰ ধুমুহাৰ মাজত ৰামধেনু

গোচৰ (৩২১/১৭-০৯-২০০৩)টোত বৰগোহাঞিৰ “বিৰুদ্ধে” কোনো প্ৰমাণ নাই বুলি তদন্তকাৰী আৰক্ষীয়ে ২০০৪ চনত আদালতত দাখিল কৰা “চূড়ান্ত প্ৰতিবেদন”ৰ প্ৰতিবাদত আপত্তিৰ কোনো বিধিগত আবেদন কৰা “নাছিল” অভিযোগকাৰী সবিতা লহকৰে।

homen borgohain

#meTooৰ ধুমুহাৰ মাজতে ৰামধেনুৰ দৰে পোহৰলৈ আহিছে ডেৰ দশক পুৰণি ‘‘যৌন নিৰ্য্যাতন”ৰ গোচৰৰ পৰা অসমৰ প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞি অভিযোগমুক্ত হোৱাৰ কাহিনী।

গুৱাহাটীৰ পল্টন বজাৰ থানাত গোচৰটো সন্দৰ্ভত চৰজমিন অনুসন্ধান আৰু অভিযোগকাৰী সাংবাদিক সবিতা লহকৰৰ সৈতে নৰ্থ ইষ্ট নাও-ৰ সাক্ষাতৰ পিছত এই কথা নিশ্চিত হৈছে।

গোচৰ (৩২১/১৭-০৯-২০০৩)টোত বৰগোহাঞিৰ “বিৰুদ্ধে” কোনো প্ৰমাণ নাই বুলি তদন্তকাৰী আৰক্ষীয়ে ২০০৪ চনত আদালতত দাখিল কৰা “চূড়ান্ত প্ৰতিবেদন”ৰ প্ৰতিবাদত আপত্তিৰ কোনো বিধিগত আবেদন কৰা “নাছিল” অভিযোগকাৰী লহকৰে।

“গোচৰটো চলাই যাবলৈ মই আৰ্থিকভাৱে অসমৰ্থ আছিলো আৰু ঘটনাপ্ৰৱাহত মই বিৰক্ত হৈছিলো। গোচৰটোৰ পৰা আঁতৰি অহাৰ বাহিৰে মোৰ আন পথ নাছিল,” নৰ্থ ইষ্ট নাও-ক জনাইছে লহকৰে।

গোচৰটোত “২০০৩ চনৰে পৰা যুঁজ অব্যাহত আছে” বুলি মন্তব্য কৰি ফে’চবুকত পূৰ্বে যোৱা ১৯ অক্টোবৰত বিভিন্ন কৰ্তৃপক্ষক তেওঁ দাখিল কৰা আবেদনসমূহ ৰাজহুৱা কৰিছিল মহিলা সাংবাদিকগৰাকীয়ে। নাৰীৰ “শালীনতা হানি”ৰ অভিযোগত বৰগোহাঞিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৯ আৰু জামিনবিহীন ৩৫৪ ধাৰাত গোচৰটো ৰুজু কৰিছিল লহকৰে।

সবিতা লহকৰে কৰা ফে’চবুক প’ষ্ট।

‘‘স্পৰ্শ চিকিৎসাৰে সকলো চিন্তাৰ পৰা মুক্ত কৰাৰ আশ্বাসেৰে” “ইচ্ছাৰ বিৰুদ্ধে” বৰগোহাঞিয়ে তেওঁৰ “গাত হাত” দিয়া, “সাৱট মাৰি ধৰা” আৰু যৌন সম্পৰ্কৰ বিনিময়ত “সুবিধাৰ আশ্বাস” দিয়াৰ অভিযোগ কৰিছিল লহকৰে।

লগতে পঢ়ক— #meToo ধুমুহাত বৰগোহাঞি: পাহৰণিৰ কবৰৰ পৰা পুনৰ মূৰ দাঙি উঠিছে ‘যৌন নিৰ্য্যাতন’ৰ কংকাল

বৰগোহাঞিৰ বিৰুদ্ধে  আৰক্ষীয়ে “কোনো” প্ৰমাণ নোপোৱাৰ বিষয়ে অভিযোগকাৰী লহকৰ অৱগত।

“পল্টন বজাৰ থানাত গোচৰ ৰুজু কৰাৰ ২/৩ বছৰ মান পিছত আৰক্ষীৰ পৰা মই এখন জাননী পাইছিলো য’ত লিখা আছিল—‘অভিযোগৰ পক্ষে কোনো প্ৰমাণ পোৱা নগ’ল’,” মন্তব্য অভিযোগকাৰী সাংবাদিকগৰাকীৰ।

গোচৰটো সন্দৰ্ভত ২০০৪ চনতে আদালতত “চূড়ান্ত প্ৰতিবেদন” দিয়া বুলি নৰ্থ ইষ্ট নাও-ক জনাইছে তদন্তকাৰী পল্টন বজাৰ থানাই।

“কামৰূপ (মহানগৰ) মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ২০০৪ চনৰ ১২ ডিচেম্বৰত ৩২১/১৭-০৯-২০০৩ নং গোচৰটোৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হৈছে,” জনালে পল্টন বজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰণী বৰ্মনে।

পূৰ্বে উল্লেখিত আৰক্ষীৰ জাননীখনৰ বাহিৰে আদালত বা আৰক্ষীৰ পৰা “আন একো” পোৱা নাই বুলি জনাই লহকৰে কয়, “একেটা গোচৰত পুনৰ নিজকে জৰিত কৰিবলৈ মোৰ কোনো আগ্ৰহ নাই, কিন্তু আৰক্ষী বা আদালতে গোচৰটো পুনৰ মুকলি কৰিলে মই সম্পূৰ্ণৰূপে সহযোগ কৰিম।”

আনহাতে “সবিতা লহকৰ আজিৰ তাৰিখত এটা বিস্মৃত নাম নহয়” আৰু “ঘটনা”টোৰ পিছত বৰগোহাঞে “যথেষ্ট ভোগা” বুলি দাবী কৰি লহকৰে লগতে কয় যে আদালতৰ পৰা “ন্যায়” নাপালেও, তেওঁ একধৰণৰ “ন্যায়” ইতিমধ্যে পাইছে।

গোচৰটোৰ ন্যায়িক প্ৰক্ৰিয়াৰ পৰা ২০০৬ চনৰ পৰা আঁতৰি অহাৰ বিপৰীতে বৰগোহাঞিৰ বিৰুদ্ধে “তদন্ত” বিচাৰি ২০১৩ চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰলৈ পুনৰ পত্ৰ প্ৰেৰণ কৰিছিল লহকৰে।