• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

#meToo ধুমুহাত বৰগোহাঞি: পাহৰণিৰ কবৰৰ পৰা পুনৰ মূৰ দাঙি উঠিছে ‘যৌন নিৰ্য্যাতন’ৰ কংকাল

২০০৩ চনৰ ১৫ অক্টোবৰতে ৰাষ্ট্ৰপতি কাৰ্য্যালয়ৰ পৰা বিষয়টোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্য সচিবলৈ পত্ৰ অহাৰ পিছতো প্ৰভাৱশালী সাংবাদিকগৰাকীক ‘‘সোধ-পোচ” কৰাৰ বাবেও ডেৰ দশকজুৰি “সাহস নকৰিলে” অসম আৰক্ষীয়ে।

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2018 5:20 pm
homen borgohain
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব কঁপোৱা #meToo আন্দোলনে দেশজুৰি খলকনি তোলাৰ মাজতে অসমৰ প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞিৰ বিৰুদ্ধে পুনৰ পাহৰণিৰ কবৰৰ পৰা উঠি আহিছে ডেৰ দশক পুৰণি এক যৌন নিৰ্য্যাতনৰ অভিযোগ।

বৰগোহাঞিৰ বিৰুদ্ধে ১৮ বছৰ পূৰ্বে যৌন নিৰ্য্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছতো আজি পৰ্য্যন্ত বিচাৰ নোপোৱাৰ কাহিনী #meTooৰ ধুমুহাৰ মাজতে পুনৰ ফে’চবুকযোগে ৰাজহুৱা কৰিছে ‘‘ভুক্তভোগী’’ গুৱাহাটীস্থিত সাংবাদিক সবিতা লহকৰে।

Apply Now

২০০৩ চনৰ ১৫ অক্টোবৰতে ৰাষ্ট্ৰপতি কাৰ্য্যালয়ৰ পৰা বিষয়টোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্য সচিবলৈ পত্ৰ অহাৰ পিছতো প্ৰভাৱশালী সাংবাদিকগৰাকীক ‘‘সোধ-পোচ” কৰাৰ বাবেও ডেৰ দশকজুৰি “সাহস নকৰিলে” অসম আৰক্ষীয়ে। সেই বছৰৰ ১৭ ছেপ্তেম্বৰত গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষী থানাত বৰগোহাঞিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪/৫০৯ ধাৰাৰ অধীনত গোচৰ (নং ৩২১/ ১৭-০৯-০৩) ৰুজু কৰিছিল লহকৰে।

“আৰক্ষীয়ে গোচৰটোৰ সঠিক তদন্ত নকৰিলে আৰু তেওঁলোকে আনকি সোধ-পোচৰ বাবে মাতিবলৈয়ো সাহস নকৰিলে হোমেন বৰগোহাঞিক– কাৰণ তেওঁ এজন বিখ্যাত লেখক,” অসম আৰক্ষী, মানৱ অধিকাৰ আয়োগ আৰু স্বয়ং দেশৰ ৰাষ্ট্ৰপতিৰ কাষ চাপিও বিচাৰ নোপোৱাত ২০১৩ চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰলৈ পুনৰ প্ৰেৰণ কৰা পত্ৰত এই মন্তব্য লহকৰৰ।

sabita lahkar assam
সাংবাদিক সবিতা লহকৰে ৰাষ্ট্ৰপতিলৈ দিয়া পত্ৰ। সৌজন্য- লহকৰৰ ফে’চবুক একাউণ্ট।

বৰগোহাঞিৰ বিৰুদ্ধে “২০০৩ চনৰে পৰা যুঁজ অব্যাহত আছে” বুলি মন্তব্য কৰি এতিয়া এই সমূহ নথি ফে’চবুকত ৰাজহুৱা কৰিছে মহিলা সাংবাদিকগৰাকীয়ে।

অসমীয়া দৈনিক কাকত আমাৰ অসম-ত কৰ্মৰত অৱস্থাত ২০০০ চনত এই ‘‘যৌন নিৰ্য্যাতন”ৰ অভিযোগ উত্থাপন কৰিছিল সাংবাদিকগৰাকীয়ে। হোমেন বৰগোহাঞি আছিল কাকতখনৰ তদানীন্তন মুখ্য সম্পাদক আৰু লহকৰ আছিল মুখ্য উপ সম্পাদিকা।

মহিলা সাংবাদিকগৰাকীয়ে বৰগোহাঞিৰ বিৰুদ্ধে তোলা অভিযোগে অসমৰ সংবাদ জগতৰ লগতে সমাজ-ৰাজনীতিটো সেই সময়ত আলোড়নৰ সৃষ্টি কৰিছিল।

বৰগোহাঞিৰ “যৌন আৰু পেচাক্ষেত্ৰৰ ধাৰাৱাহিক নিৰ্য্যাতন”ৰ বিৰুদ্ধে সৰৱ হৈ কাকতখনৰ চাকৰিৰ পৰা ইস্তফা দিয়াৰ লগতে ২০০৩ চনৰ ১০ ছেপ্তেম্বৰত গুৱাহাটী প্ৰে’ছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰিছিল লহকৰে।

প্ৰে’ছ কাউন্সিল অৱ ইণ্ডিয়া আৰু এ’দিতৰ্ছ গীল্দ অৱ ইণ্ডিয়ালৈকো পত্ৰ প্ৰেৰণ কৰিছিল সাংবাদিকগৰাকীয়ে।

লহকৰৰ সংবাদমেলৰ দুদিন পিছত গুৱাহাটী প্ৰে’ছ ক্লাবত এখন প্ৰতিবাদী সভাৰ আয়োজন কৰিছিল জাৰ্নেলিষ্ট এক্সন কমিতি, জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম, আছাম ট্ৰিবিউন এম্প্লয়িজ ইউনিয়ন, আছাম প্ৰে’ছ কৰেছপ’ন্দেন্তছ ইউনিয়ন আৰু নেচনেল ফে’দাৰে’চন অৱ নিউজ পে’পাৰ এম্প্লয়িজ-এ।

লগতে পঢ়ক– #meToo: ‘চুবলৈ দিছিল লিংগ, উৰুত ফুৰাইছিল হাত’, খ্ৰীষ্টান গুৰুৰ বিৰুদ্ধে সোচ্চাৰ শ্বিলঙৰ মহিলা

লহকৰে কৰা অভিযোগ মতে ২০০০ চনত বৰগোহাঞে তেওঁক “প্ৰথম” এনে প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু লহকৰে প্ৰতিবাদ কৰি কাকতখনৰ তদানীন্তন কাৰ্য্যবাহী সম্পাদক মনোজ কুমাৰ গোস্বামী আৰু প্ৰকাশক গোষ্ঠী জি এল পাব্লিকে’চনছৰ মহা প্ৰবন্ধকক অভিযোগ দাখিল কৰিছিল।

কাকতখনৰ পৰিচালনা মণ্ডলীৰ পৰা এই ‘‘বেয়া ব্যৱহাৰ” পুনৰ নঘটিব বুলি তেওঁক আশ্বাস দিয়া হৈছিল। কিন্তু কাৰ্য্যবাহী সম্পাদক গোস্বামীয়ে আন কাকতত যোগ দিয়াৰ পিছতে লহকৰৰ অভিযোগ মতে বৰগোহাঞি “পুনৰ” আগৰ ৰূপলৈ উভটি আহে।

লহকৰে তোলা অভিযোগৰ পিছতে উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় (ৱিশাখা ৰায়) অনুসৰি কাকতগোষ্ঠীটোত অভ্যন্তৰিণ প্ৰতিবিধান সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছিল ৰাজ্যিক মানৱ অধিকাৰ আয়োগে। আৰু লহকৰক সেই সমিতিত অভিযোগ দাখিলৰ বাবে পৰামৰ্শ আগবঢ়াইছিল।

কাকতখনে সমিতিখন গঠন কৰিলে, তেওঁৰ অভিযোগো গ্ৰহণ কৰিলে; কিন্তু “মজাৰ কথাটো হ’ল একেখন সমিতিয়ে কেতিয়াও মাতি নপঠিয়ালে অভিযুক্ত বৰগোহাঞিক,” ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ দিয়া পত্ৰত উল্লেখ লহকৰৰ।

বৰগোহাঞিৰ বিৰুদ্ধে উঠা অভিযোগ নিশ্চয় বিচাৰযোগ্য। কিন্তু “যৌন নিৰ্য্যাতন”ৰ দৰে গুৰুতৰ অভিযোগ এটাৰ ১৮ বছৰ ধৰি তদন্ত “নোহোৱাটো” কেনে কথা?

একে অভিযোগত দেশৰ প্ৰখ্যাত সাংবাদিক তথা মোদী চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী এম জে আকবৰে পদত্যাগ কৰিবলে বাধ্য হোৱাৰ সময়ত “ব্যতিক্ৰম” হৈ ৰ’ব নেকি অসমৰ হোমেন বৰগোহাঞি?

বৰগোহাঞিৰ মন্তব্য জনাৰ বাবে তেওঁক ফ’নত যোগাযোগৰ চেষ্টা কৰা হৈছিল, কিন্তু তেওঁৰ ম’বাইল বন্ধ পোৱা গ’ল। বৰগোহাঞিৰ কাৰ্য্যালয়লৈও নৰ্থ ইষ্ট নাও-ৰ সাংবাদিক শনিবাৰে গৈছিল যদিও তেওঁ তাত নাছিল।

বৰগোহাঞি বৰ্তমান অসমীয়া দৈনিক কাকত নিয়মীয়া বাৰ্তা-ৰ মুখ্য সম্পাদক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd