NORTHEAST NOW (Assamese)

তাহানিতে স্বামীৰ সৈতে উঠা ছবিত নাপালে নিজকে চিনি! তাৰপিছত কি কৰিলে এইগৰাকী সন্দেহবাদী মহিলাই?

January 27, 2021 4:16 pm · এন ই নাও নিউজ
Updated: January 27, 2021 4:31 pm

যৌৱনৰ আৰম্ভনিতে লিওনোৰা নামৰ যুৱতীগৰাকী প্ৰেমত পৰিছিল তেওঁৰ বৰ্তমানৰ স্বামী জুৱানৰ  সৈতে।

এদিন তেওঁলোকৰ বিয়াও হৈছিল।

কিন্তু বিয়াৰ পিছত দিন বাগৰি যোৱাৰ লগে লগে স্বামীৰ ওপৰত মহিলাগৰাকীৰ সন্দেহ বাঢ়ি যাবলৈ ধৰিলে।

স্বামী শুই থকা অৱস্থাত লিওনোৰাই সদায় স্বামীৰ মোবাইল ফোনটো খুচৰিবলৈ ধৰিলে।

স্বামীক কোনো নাৰীয়ে কিবা মেছেজ দিছে নেকি, কোনোবা মহিলাই তেওঁৰ স্বামীলৈ কিবা ফটো পঠিয়াইছে নেকি আদি কথা জানিবলৈ মেক্সিকোৰ  লিওনোৰা নামৰ  মহিলাগৰাকীয়ে স্বামীৰ মোবাইল ফোনটো খুচৰি গৈছিল।

এদিন এনেদৰে মোবাইল ফোনটো খুচৰি থাকোতে মহিলাগৰাকীয়ে স্বামীৰ মোবাইলত উদ্ধাৰ কৰিলে এখন বিশেষ ফটো।

ফটো খনত স্বামীয়ে এগৰাকী  কম বয়সৰ মহিলাৰ সৈতে অতি অন্তৰগংভাবে থিয় হৈ প’জ দিয়া দেখি খঙত টিঙিৰি তুলা হৈ পৰিল লিওনোৰা।

স্বামীয়ে আন মহিলাৰ সৈতে উঠা ফটোখনকলৈ স্বামীক কোনো প্ৰশ্ন নকৰাকৈয়ে মহিলাগৰাকীয়ে এখন ধাৰাল চুৰীৰে স্বামীক আঘাত কৰিবলৈ ধৰিলে।

ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ পৰা স্বামীয়ে একো তৰ্কিব পৰাৰ আগতেই স্বামীৰ দেহৰ কেইবা স্থানতো চুৰীৰে আঘাত কৰিলে।

এটা সময়ত যেনিবা স্বামীয়ে পত্নীৰ হাতৰ পৰা ছুৰী খন কাঢ়ি আনিবলৈ সক্ষম হ’ল।

ইপিনে তেজেৰে লুতুৰি-পুতৰি হৈ পৰা স্বামী ঢলি পৰিলে। পত্নীৰ চুৰিকাঘাতত আঘাতপ্ৰাপ্ত লোক জনৰ চিঞৰ শুনি চুবুৰীয়া কোনো লোকে আৰক্ষীক খবৰ দিছিল।

আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ আক্ৰমণকাৰী মহিলাগৰাকীক আটক কৰে। তেতিয়াহে ঘচনাৰ আচল ৰহস্য ওলাই পৰে। পত্নীয়ে যিগৰাকী মহিলাৰ সৈতে স্বামীয়ে ফটো উঠা বুলি ভাবিছিল সেয়া দৰাচলতে পত্নী নিজেই আছিল।

বহু বছৰ আগতে তোলা ছবি বাবেই ফটোত নিজকে চিনি পোৱা নাছিল মহিলাগৰাকীয়ে।

সেয়ে স্বামীৰ সৈতে সেয়া আন কোনো মহিলা বুলি ভাবি তেওঁ স্বামীক হত্যাৰ চেষ্টা চলাইছিল।

স্বামী জুৱানে প্ৰকাশ কৰা অনুসৰি যিসময়ত তেওঁ পত্নীৰ সৈতে সেই ফটো উঠিছিল সেই সময়ত তেওঁৰ পত্নী লিওনোৰা বহু খীণ আছিল । সেইবাবেই পত্নীয়ে তাহানিৰ সেই ফটো খনত নিজকে চিনি পোৱা নাছিল।

Related News