• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাণিজ্য যুদ্ধ! ট্ৰাম্পক ‘সন্তুষ্ট’ কৰিবলৈ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ মেক্সিকোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2025 5:59 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক চুক্তি এতিয়াও হোৱা নাই। ইয়াৰ মাজতে, ভাৰতৰ কৃষি খণ্ডত মাৰ্কিন প্ৰৱেশৰ প্ৰচেষ্টাত কেন্দ্ৰীয় চৰকাৰে ‘ৰেড ছিগনেল’ দেখুৱাইছে, যাৰ বাবে বাণিজ্যিক চুক্তি থমকি ৰৈছে।

ভাৰতীয় সামগ্ৰীৰ আমদানি ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই আকাশলঙ্ঘী ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত এইবাৰ ভাৰতে পুনৰ এক নতুন আক্ৰমণৰ সন্মুখীন হৈছে। বিশ্বব্যাপী বাণিজ্য যুদ্ধত নতুন দিল্লীৰ বিৰুদ্ধে আন এখন দেশে টঙালি বান্ধিছে।

Apply Now

বুধবাৰে, মেক্সিকোৰ চেনেটে ভাৰত, চীন আৰু অন্যান্য কেইবাখনো এছীয় দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৫০ শতাংশ পৰ্যন্ত শুল্ক আৰোপত অনুমোদন জনাইছে। ৰাজনৈতিক মহলৰ ধাৰণা, এই সকলোবোৰ ডোনাল্ড ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ কৰা হৈছে।

এই শুল্ক নতুন বছৰৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব বুলি জানিব পৰা গৈছে। শুল্ক বৃদ্ধিৰ ফলত মেক্সিকোৰ সৈতে বাণিজ্যিক চুক্তি নথকা দেশসমূহৰ পৰা অহা গাড়ী, গাড়ীত ব্যৱহৃত যন্ত্ৰাংশ, কাপোৰ, প্লাষ্টিক আৰু তীখাৰ দৰে সামগ্ৰীৰ ওপৰত ৫০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰা হ’ব।

বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে ইয়াৰ ফলত ভাৰত, দক্ষিণ কোৰিয়া, চীন, থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ দৰে দেশবোৰ প্ৰভাৱিত হ’ব। জানিব পৰা গৈছে যে মেক্সিকো চৰকাৰে অহা বছৰত ৰাজহ হিচাপে ৩.৭৬ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৩৩৯১০ কোটি টকা অতিৰিক্ত উপাৰ্জনৰ পৰিকল্পনা কৰিছে।

মেক্সিকোৰ ফালৰ পৰা কোৱা হৈছে যে দেশৰ ৰাষ্ট্ৰপতি ক্লডিয়া শেইনবমে দেশীয় উৎপাদন বৃদ্ধিত গুৰুত্ব দিবলৈ চেষ্টা কৰিছে। কিন্তু বিশ্লেষকসকলে ধাৰণা কৰে যে এই পদক্ষেপ আচলতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সন্তুষ্ট কৰাৰ এক প্ৰচেষ্টা।

জানিব পৰা গৈছে যে কিছু দিনৰ ভিতৰতে ৱাশ্বিংটনে আমেৰিকা-মেক্সিকো-কানাডা বাণিজ্য চুক্তি (USMCA) পুনৰীক্ষণ কৰিব। ইয়াৰ মাধ্যমেৰে মেক্সিকোৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈছে আমেৰিকা। সেয়েহে, ইয়াৰ পূৰ্বেই ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ ক্লডিয়া আগবাঢ়ি আহিছে।

এই বছৰৰ আৰম্ভণিতেই মেক্সিকোৱে চীনা সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰিছিল। ইয়াৰ পিছত নতুনকৈ এই শুল্ক আৰোপৰ পদক্ষেপ লোৱা হৈছে। যোৱা কেইবা মাহ ধৰি ট্ৰাম্পে মেক্সিকোৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি আহিছে আৰু শেইনবম চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ জনাইছে।

যোৱা কেইসপ্তাহ ধৰি ট্ৰাম্পে মেক্সিকোৰ তীখা আৰু এলুমিনিয়ামৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি আহিছে। লগতে, আমেৰিকাত অপিওৱেড ফেন্টানিলৰ প্ৰৱেশ বন্ধ নকৰাৰ অভিযোগত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপৰ ভাবুকি দিছে। ইয়াৰ ওপৰত পুনৰ পাঁচ শতাংশ শুল্ক আৰোপ কৰাৰ দাবী জনাইছে।

ট্ৰাম্পৰ দাবী, ১৯৪৪ চনত আমেৰিকা আৰু মেক্সিকোৰ মাজত পানী ব্যৱহাৰৰ চুক্তি হৈছিল, যাৰ দ্বাৰা মাৰ্কিন কৃষকসকলে মেক্সিকোৰ পানী ব্যৱহাৰৰ সুবিধা পাইছিল। ট্ৰাম্পে কৈছে যে মেক্সিকোৱে এই চুক্তি উলংঘা কৰিছে, যাৰ বাবেই তেওঁলোকৰ ওপৰত এই অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছে।

ভাৰতৰ ওপৰত মেক্সিকোৰ ৫০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ এই পদক্ষেপে দুয়োখন দেশৰ দ্বিপাক্ষিক বাণিজ্যৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাব পাৰে বুলি ধাৰণা কৰা হৈছে। ২০২৪ চনত দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰিমাণ সৰ্বকালৰ সৰ্বোচ্চ পৰ্যায়ত হৈছিল, সেই সময়ত ইয়াৰ পৰিমাণ ১১.৭ বিলিয়ন ডলাৰ হৈছিলগৈ। আনহাতে, মেক্সিকোৰ সামগ্ৰী ৰপ্তানিৰ তালিকাত ভাৰত নৱম স্থানত আছে। বৰ্তমান, মেক্সিকোৰ সৈতে ভাৰতৰ বাণিজ্যৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে।

জানিব পৰা গৈছে, ২০২৪ চনত মেক্সিকোলৈ ভাৰতৰ ৰপ্তানি আছিল প্ৰায় ৮.৯ বিলিয়ন ডলাৰ, আৰু তাৰ পৰা আমদানিৰ পৰিমাণ আছিল ২.৮ বিলিয়ন ডলাৰ। ইয়াৰ ফলত নতুন দিল্লীৰ বাবে উল্লেখযোগ্য বাণিজ্যিক ভাৰসাম্য সৃষ্টি হৈছিল। ২০২৪ চনত, মেক্সিকোলৈ ভাৰতে ৰপ্তানি কৰা মুখ্য সামগ্ৰীসমূহ আছিল মটৰ গাড়ী, অটো যন্ত্ৰাংশ আৰু অন্যান্য যাত্ৰীবাহী বাহন। কিন্তু নতুন নিৰ্দেশনাত, মেক্সিকোৱে এই সামগ্ৰীসমূহৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাত, অহা বছৰ ভাৰতৰ ৰপ্তানিৰ গুৰুতৰ ক্ষতি হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd