NORTHEAST NOW (Assamese)

গাঞ্জাৰ চিৰল চিৰল পাত…. উৰুগুৱে আৰু কানাডাৰ পাছত মেক্সিক’তো বৈধ হ’ব পাৰে ভাং

March 11, 2021 5:48 pm · এন ই নাও নিউজ

মেক্সিক’ত বৈধ হ’ব পাৰে ভাং।

দেশখনৰ নিম্ন সদনত এই বিষয়ে এখন বিল গ্ৰহণ কৰা হয়।

বিলখন মেক্সিক’ৰ ছিনেটত পাছ হোৱাৰ লগে লগে দেশখনত ভাং সেৱনত আইনী নিষেধাজ্ঞা নাথাকিব।

দেশখনৰ শাসনাধীষ্ঠ বাওঁপন্থী দল ‘নেচনেল ৰিজেনেৰেচন মভমেণ্ট’-এ আশা প্ৰকাশ কৰিছে যে ছিনেটত ভাং বৈধকৰণৰ সপক্ষে পৰ্যাপ্ত পৰিমাণৰ ভোট লাভ কৰিব।

যদি মেক্সিক’ত ভাং বৈধ হয়, তেন্তে ভাং ব্যৱসায়ৰ বিশ্বৰ ভিতৰতে এখন বৃহৎ বজাৰ হিচাপে পৰিগণিত হ’ব।

ইতিমধ্যে কানাডা আৰু কেলিফৰ্ণিয়াৰ বহুকেইটা ভাং উৎপাদনকাৰী কোম্পানীয়ে বিলখনক লৈ উৎসাহ দেখুৱাইছে।

উল্লেখযোগ্য যে দেশখনত নিচাজাতীয় দ্ৰব্যবিধক লৈ ইতিমধ্যে কেইবাটাও সংঘাট হৈ গৈছে।

ইতিমধ্যে ভাং সৰবৰাহ কৰা চোৰাং ব্যৱসায়ীকে ধৰি হাজাৰ হাজাৰ লোক এই সংঘাটৰ ফলত মৃত্যুমুখত পৰিছে।

দেশখনৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল ল’পেজ অব্ৰাড’ৰে কয় যে ইয়াৰ দ্বাৰা দেশখনৰ নিচাজাতীয় দ্ৰব্যৰ বৃহৎ চোৰাং বজাৰখনক নাকি লগাব পৰা যাব।

আনহাতে বিলখনৰ সমালোচকসকলে কয় যে ইয়াৰ দ্বাৰা শিশুসকলে অতি সহজে নিচাজাতীয় দ্ৰব্যবিধ লাভ কৰিব।

দেশখনত ভাঙৰ সেৱন বৈধ হ’লে প্ৰতিজন লোকে ২৮ গ্ৰাম ভাং কঢ়িয়াব পাৰিব আৰু ব্যক্তিগত ব্যৱহাৰৰ বাবে খুব বেছি ৮ জোপা ভাঙৰ গছ ৰুব পাৰিব।

ইয়াৰ উপৰি ভাঙৰ খেতি, ৰাপ্তানী-আমদানী আৰু গৱেষণাৰ ক্ষেত্ৰতো আইনী নিষেধাজ্ঞা নাথাকিব।

বৰ্তমানলৈকে ৫গ্ৰামৰ ওপৰত ভাং ধৰা পৰাটো বেআইনী।

বিলখন যদি আইন হয়, তেনেহ’লে উৰুগুৱে আৰু কানাডাৰ পাছত মেক্সিক’ হ’ব তৃতীয়খন দেশ- য’ত দেশজুৰি ভাঙক বৈধতা প্ৰদান কৰা হৈছে।

Related News