NORTHEAST NOW (Assamese)

ক’ত গ’ল নিজামুদ্দিনৰ পৰা ওভতা ৰোহিংগ্যাসকল? ৰাজ্যসমূহক নজৰ ৰখাৰ নিৰ্দেশ গৃহ মন্ত্ৰ্যালয়ৰ

April 18, 2020 9:09 am · এন ই নাও নিউজ
নিজামুদ্দিনৰ সমাৱেশৰ ফাইল ফটো। সৌজন্য: ডি টি নেক্সট

দিল্লীৰ নিজামুদ্দিন তবলিগী জামাতৰ ধৰ্মীয় সমাৱেশত ৰোহিংগায়ো অংশ লোৱাৰ খৱৰ লাভ কৰিছে গৃহ মন্ত্ৰ্যালয়ে। সমাৱেশত তেওঁলোকেও ভাগ লোৱাৰ কথা জানিব পৰা গৈছে।

এই খৱৰ লাভ কৰাৰ পাছতেই সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক নিৰ্দেশনা দিয়া হৈছে।

যিসকল ৰোহিংগ্যাই এতিয়াও তেওঁলোকৰ শিৱিৰলৈ উভতা নাই গৃহ মন্ত্ৰ্যালয়ে তেওঁলোকক বিচাৰি উলিওৱাৰ নিৰ্দেশ দিছে। ৰাজ্যসমূহক এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা হৈছে।

যোৱা মাৰ্চৰ মাজভাগত দিল্লীৰ নিজামুদ্দিনৰ ধৰ্মীয় সমাৱেশত তবলিগী জামাতৰ সদস্যসকলে অংশ লৈছিল।

প্ৰধান মন্ত্ৰী  মোদীয়ে দেশজুৰি লকডাউন ঘোষণা কৰাৰ পাছতো বহুতেই তাত থাকি গৈছিল। লকডাউনৰ মাজতেই তালাচী চলাই দুহেজাৰতকৈয়ো অধিক লোকক তাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে। পাছত সেই সমাৱেশত যোগ দিয়া বহুতেই কৰ’না আক্ৰান্ত হোৱাটো ধৰা পৰে।

গৃহ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা কোৱা হৈছে নিজামুদ্দিনৰ উক্ত ধৰ্মীয় সমাৱেশত ৰোহিংগ্যা মুছলমানো উপস্থিত থকাৰ খৱৰ মন্ত্ৰ্যালয়ৰ হাতত আছে। তেওঁলোকৰ মাজতো কৰ’না সংক্ৰমণৰ সম্ভাৱনা ৰৈ গৈছে। সেয়েহ ইমান সোনকালে পৰা যায় তেওঁলোকক বিচাৰি উলিয়াই কৰ’নাৰ পৰীক্ষা কৰাটো জৰুৰী।

গৃহ মন্ত্ৰ্যালয়ে দিল্লী, জম্মু ও কাশ্মীৰ, পঞ্জাৱ আৰু হাৰিয়ানাত ৰোহিংগ্যাসকল য’ত থাকে তাৰ তথ্যও ৰাজ্যসমূহক পঠিয়াইছে। তাত প্ৰতিজন ৰোহিংগ্য আছেনে নাই তাৰ খৱৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

জানিবলৈ দিয়া মতে, হায়দৰাবাদৰ ৰোহিংগ্যা শিৱিৰৰ পৰাও বহুতেই নিজামুদ্দিনৰ সমাৱেশত যোগ দিছিল। ইয়াৰ ভিতৰত কেইবাজনেও এতিয়ালৈকে তেওঁলোকৰ শিৱিৰলৈ উভতা নাই বুলি কোৱা হৈছে। তেওঁলোক এতিয়া ক’ত কেনেকৈ আছে তাৰ খৱৰ ল’বলৈ নিৰ্দেশ দিয়া হৈছে।

দেশত চলি থকা কৰ’নাৰ সংক্ৰমণৰ ত্ৰাসৰ মাজতে দিল্লীৰ সেই ধৰ্মীয় সমাৱেশত ৰোহিংগ্যা উপস্থিতি থকাৰ খৱৰে পুনৰ আতংক বৃদ্ধি কৰিছে। অৱশ্যে, কিমানজন ৰোহিংগ্যা উক্ত সমাৱেশত উপস্থিত আছিল সেয়া স্পষ্ট হোৱা নাই।

Related News