• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAA ৰ অধীনত কিমানে পালে ভাৰতীয় নাগৰিকত্ব? তথ্য দিবলৈ অস্বীকাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2025 11:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (CAA)ৰ নিয়ম কাৰ্যকৰী হোৱাৰ এবছৰতকৈ অধিক সময়ৰ পাছতো এই আইনৰ অধীনত কিমানজন লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে সেয়া স্পষ্ট নহয়। তথ্যৰ অধিকাৰ আইনৰ অধীনত বিচৰা এই তথ্যসমূহ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শ্বেয়াৰ কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত স্বচ্ছতাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।

CAA ৰ অধীনত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, খ্ৰীষ্টান, বৌদ্ধ, জৈন আৰু পাৰ্চী শৰণাৰ্থীসকলক যদিহে তেওঁলোক ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ আহিছিল তেন্তে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা আছে। কিন্তু  বাস্তৱত এই পৰিস্থিতি বেলেগ।

Apply Now

পশ্চিমবংগৰ ৰানাঘাটৰ বিজেপি সাংসদ জগন্নাথ সৰকাৰৰ মতে তেওঁৰ সমষ্টিত ১০০ জনতকৈও কম লোকে নাগৰিকত্ব লাভ কৰাৰ বিপৰীতে বিশেষকৈ মাতুৱা জনগোষ্ঠীৰ প্ৰায় এক লাখ লোক ইয়াৰ সম্ভাৱ্য হিতাধিকাৰী।

দ্য হিন্দুৱে যেতিয়া আৰ টি আই দাখিল কৰিছিল যে কিমানজনে নাগৰিকত্বৰ বাবে আবেদন কৰিছিল আৰু কিমানজনে অনুমোদন পাইছিল, তেতিয়া গৃহ মন্ত্ৰালয়ে উত্তৰ দিছিল যে তেওঁলোকৰ হাতত এনে তথ্য নাই। পিছত যেতিয়া বিষয়টো কেন্দ্ৰীয় তথ্য আয়োগলৈ যায়, তেতিয়া তেওঁলোকেও মন্ত্ৰালয়ৰ উত্তৰ শুদ্ধ বুলি বিবেচনা কৰি গোচৰটো বন্ধ কৰি দিয়ে।

২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদত এই আইনখনৰ বিষয়ে আলোচনা চলি থকাৰ সময়তে গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰিছিল যে CAAৰ দ্বাৰা লাখ লাখ লোক উপকৃত হ’ব। এতিয়া এই নিয়ম বলবৎ হোৱাৰ এবছৰতকৈও অধিক সময় পাৰ হৈ গ’ল যদিও  এতিয়ালৈকে পোৱা পৰিসংখ্যা আৰু তথ্যই এই কথা নিশ্চিত কৰা নাই।

উল্লেখ্য যে নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ (CAA) অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগতে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা বা নিৰ্যাতনৰ বাবে পলায়ন কৰি ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

মুছলমান সম্প্ৰদায়ক এই আইনত অন্তৰ্ভুক্ত কৰা হোৱা নাই, যাৰ বাবে ই বিতৰ্কৰ সন্মুখীন হৈছে। ইয়াৰ নিয়ম ২০২৪ চনৰ মাৰ্চ মাহত বলবৎ হয়, তাৰ পিছত মানুহে অনলাইনযোগে আবেদন কৰিব পাৰে। ইয়াৰ উদ্দেশ্য ধৰ্মীয় সংখ্যালঘুসকলক নিৰাপত্তা আৰু নাগৰিকত্ব প্ৰদান কৰা বুলি কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd