• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত জয়ৰ ট্ৰেকলৈ ঘূৰিল মুম্বাই ইণ্ডিয়াঞ্চ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2021 2:48 pm
MI secure crucial win to move up to fifth
180
VIEWS
Share on FacebookShare on Twitter

চলিত আইপিএল- ৰ দ্বিতীয় পৰ্বত অৱশেষত জয়ৰ সোৱাদ পালে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়াঞ্চে।

কালি আবু ঢাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত মুম্বাই ইণ্ডিয়াঞ্চে ৬ উইকেটত বিজয় সাব্যস্ত কৰে।

টছত জয়ী হৈ খেলখনত মুম্বাই ইণ্ডিয়াঞ্চে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু পঞ্জাৱক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।

প্ৰথমে বেটিং কৰিবলৈ আহি পঞ্জাৱে প্ৰথম উইকেটত ৩৬ ৰানৰ যুটি বান্ধে যদিও তাৰ পিছতে ১২ ৰানৰ ব্যৱধানত ৪ টা উইকেট হেৰুৱাই।

অৱশ্যে তাৰ পাছতে এইডেন মাৰ্ক্ৰাম আৰু দীপক হুদাই পঞ্চম উইকেটৰ যুটিত ৬১ ৰান সংগ্ৰহ কৰি দলক কিছু মজবুত স্থিতিলৈ নিয়ে।

অৱশ্যে সঘন উইকেট পতন আৰু মন্থৰ বেটিঙৰ ফলত পঞ্জাৱে ২০ অভাৰত ১৩৫ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

দলৰ হৈ মাৰ্ক্ৰামে সৰ্বাধিক ৪২ ৰান সংগ্ৰহ কৰে। ২৮ ৰানৰ বৰঙণি আহে হুদাৰ বেটৰ পৰা।

মুম্বাইৰ হৈ বুমৰাহ আৰু পোলাৰ্ডে দুটাকৈ উইকেট দখল কৰে। এটাকৈ উইকেট পায় ক্ৰুনাল পাণ্ডিয়া আৰু ৰাহুল চাহাৰে।

আনহাতে বলাৰৰ বাবে সহায়ক হৈ পৰা মন্থৰ উইকেটত ১৩৬ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ মুম্বাই ইণ্ডিয়াঞ্চেও সংগ্ৰাম কৰিবলগীয়া হয়। দলে ১৬ ৰানতে হেৰুৱাই অধিনায়ক ৰোহিত শৰ্মা আৰু সূৰ্য কুমাৰ যাদৱৰ উইকেট। অৱশ্যে ডে ক’ক, সৌৰভ তিৱাৰী, পাণ্ডিয়াৰ ধৈৰ্যশীল বেটিঙৰ সহায়েৰে জয়ৰ লক্ষ্যত উপনীত হয় মুম্বাই।

ডে ক’কে ২৭ ৰান কৰাৰ লগতে সৌৰভ তিৱাৰীৰ বেটৰ পৰা আহে সৰ্বাধিক ৪৫ ৰান ।

ইনিংছৰ ১৯ অভাৰৰ অন্তিমটো বলত ছামিৰ বলত ছয় কোবাই পাণ্ডিয়াই মুম্বাই ইণ্ডিয়াঞ্চৰ বাবে আকাঙ্খিত জয় আনি দিয়ে।

পাণ্ডিয়াই ৪০ ৰান আৰু পোলাৰ্ডে ১৫ ৰান কৰি অপৰাজিত থাকে।

পঞ্জাৱৰ হৈ ৰবি বিষ্ণৈয়ে দুটা উইকেট দখল কৰে। এটাকৈ উইকেট পায় ছামি আৰু এলিছে।

খেলখনত দুটা উইকেট দখল কৰাৰ লগতে ১৫ ৰান সংগ্ৰহ কৰা পোলাৰ্ড মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় ।

আজিৰ জয়েৰে মুম্বাই ইণ্ডিয়াঞ্চে পইন্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয়। আনহাতে পঞ্জাৱ কিংছে তালিকাৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে।

আজি আইপিএল- ৰ আন এখন খেলত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰ মুখামুখি হ’ব ।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd