মৃত্যুৰ সময়ত ৫০০ মিলিয়ন ডলাৰ ঋণ আছিল মাইকেল জেকচনৰ : কোনে ভৰিব এই বৃহৎ পৰিমাণৰ ঋণ?

লছ এঞ্জেলছ কাউন্টি চুপিৰিয়েৰ কোৰ্টৰ নথি-পত্ৰ আৰু পিপল আলোচনীৰ প্ৰতিবেদন অনুসৰি মাইকেল জেকচনৰ মৃত্যুৰ সময়ত ৬৫ জনতকৈ অধিক ধন কুবেৰৰ ওচৰত ঋণ আছিল।

এইবোৰৰ ভিতৰত এ.ই.জি. নামৰ এটা ট্যুৰ প্ৰমোটাৰ কোম্পানীকেই জেকচনে পৰিশোধ কৰিবলৈ আছিল প্ৰায় ৪ মিলিয়ন মাৰ্কিন ডলাৰ।

উল্লেখ্য যে উচ্চ সুতৰ হাৰৰ বাবে তেওঁৰ ঋণৰ বোজা ক্ৰমান্বয়ে বাঢ়ি আহিছিল। যাৰ বাবে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছিল ঋণ দিয়া একাংশ ধন কুবেৰে।

জানিব পৰা মতে, ২০১৮ চনৰ শেষৰ ফালে এ.ই.জি নামৰ কোম্পানীটোৱে বিভিন্ন আইন প্ৰতিষ্ঠানক মামলা আৰু অন্যান্য খৰচৰ বাবে প্ৰায় ৩৫ লাখ ডলাৰ বিচাৰি আবেদন জনাইছিল।

অৱশ্যে এনে গোচৰসমূহৰ অধিকাংশই সফলতাৰে নিষ্পত্তি বা খাৰিজ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে মাইকেল জেকচনৰ এষ্টেট মেনেজাৰসকলে।

কোৱাৰ প্ৰয়োজন নাই যে মাইকেল জেকচনে ১৯৮০ আৰু ১৯৯০ চনত তেওঁৰ অতি সফল এলবাম আৰু কনচাৰ্টৰ জৰিয়তে লাখ লাখ ডলাৰ উপাৰ্জন কৰিছিল।

১৯৮৫ চনত তেওঁ বিটলছৰ গীতৰ কেটেলগ ৪৭.৫ মিলিয়ন ডলাৰত ক্ৰয় কৰে আৰু পিছত তেওঁলোকৰ কোম্পানীত ৫০ শতাংশ অংশীদাৰিত্বৰ বিনিময়ত চ’নীক বিক্ৰী কৰে। ২০১৬ চনত চ’নীয়ে এই অংশীদাৰিত্ব ৭৫ কোটি ডলাৰত ক্ৰয় কৰে।

মাইকেল জেকচন তেওঁৰ অতিৰিক্ত জীৱনশৈলী আৰু মুক্তভাৱে ধন খৰচ কৰাৰ বাবে পৰিচিত আছিল। তেওঁৰ বেছিভাগ ধন অনুদান, উপহাৰ, ভ্ৰমণ, ব্যক্তিগত জেট বিমান, আচবাব, পেইন্টিং আৰু গহনা আদিত খৰচ কৰিছিল। হিচাপহীন খৰচৰ বাবে তেওঁ ডুব গৈছিল ঋণৰ বোজাত।

২০১৩ চনত মাইকেল জেকচনৰ মৃত্যুৰ তদন্তৰ সময়ত এজন ফৰেনছিক একাউণ্টেণ্টে জনাইছিল যে জেকচনে মৃত্যুৰ আগলৈকে বছৰি ৩ কোটি ডলাৰ ঋণৰ বাবে ব্যয় কৰিছিল।