শিলচৰৰ ওচৰৰ সোণাবাড়ীঘাটত মধ্যাহ্ন ভোজনৰ কৰ্মীৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

Mid day meal workers bock national highway linking Silchar with Aizawl on Wednesday sitting on its route

ট্ৰেড য়ুনিয়নৰ কৰ্মীসকলে শিলচৰত স্বাভাৱিক জীৱনযাত্ৰা  ব্যাহত কৰি তোলাৰ সময়তেই ইয়াৰ পৰা ৭ কিঃমিঃ নিলগৰ সোণাই বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাবাড়ীঘাটত মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে এঢাপ আগলৈ গৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

মধাহ্ন ভোজনৰ মহিলা কৰ্মীসকলে হাতত প্লেকাৰ্ড লৈ ৰাষ্ট্ৰীয় ঘাইপথত প্লাষ্টিকৰ চকী পাৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাস্তাৰ মাজত বহি পৰে। উল্লেখ্য যে এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে শিলচৰক আইজলৰ সৈতে সংযোগ কৰিছে।

মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে মধ্যাহ্ন ভোজন আঁচনিৰ দায়িত্ব বেচৰকাৰী সংস্থাসমূহলৈ হস্তান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। তাৰোপৰি, এই কৰ্মীসকলে তেওঁলোকৰ দৰমহা ১০০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধি  কৰিবলৈও দাবী জনায়।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত মধ্যাহ্ন ভোজৰ এগৰাকী কৰ্মী ৰীমা সিঙে কৈছে, ‘‘ইয়াৰ পূৰ্বে ৫০০০ টকা দিয়াৰ কথা হৈছিল। কিন্তু একো কৰা নহ’ল। যদি আমি এয়া নাপাও, আগন্তুক দিনতো আমি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী চলাই যাম। আমি গুৱাহাটী আৰু দিল্লীলৈকেও গৈছিলোঁ কিন্তু একো ফল নহ’ল। আমি ৫০০০ টকাতকৈ কমত কেএতিয়াও মান্তি নহওঁ।”

মধ্যাহ্ন ভোজনৰ প্ৰতিবাদকাৰী মহিলা কৰ্মীসকলক পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আঁতৰাই নিয়াৰ পাছত ভূ পৰিৱেষ্টিত (landlocked ) মিজোৰামৰ বাবে অতি গুৰুত্বপূৰ্ণ জীৱনৰেখা হিচাপে বিৱেচিত  ৰাষ্ট্ৰীয় ঘাইপথ-৫৪ পুনৰ মুকলি হৈ পৰে।