NORTHEAST NOW (Assamese)

মধ্যাহ্ন ভোজনৰ দায়িত্ব NGOক গটোৱাৰ প্ৰতিবাদত ধাৰাবাহিক আন্দোলনত নমাৰ সিদ্ধান্ত মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাৰ

November 3, 2019 7:12 pm · কল্পজ্যোতি শইকীয়া
ফাইল ফটো

সদৌ অসম উচ্চ আৰু প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাই ঘোষণা কৰিছে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী। নৰ্থ-ইষ্ট নাওৰ আগত আজি এই কথা জানিবলৈ দিয়ে সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে।

মধ্যাহ্ন ভোজনৰ দায়িত্ব ৰান্ধনী সকলৰ পৰা কাঢ়ি নি ১৫ টাকৈ বেচৰকাৰী সংস্থাক গটোৱাৰ বিৰোধিতাৰে এই ধাৰাবাহিক আন্দোলন কাৰ্যসূচী হাতত লোৱা বুলি নাথে কয়।

লগতে পঢ়ক বেচৰকাৰী সংস্থাৰ হাতত মধ্যাহ্ন ভোজন যোগানৰ কাম; বহুতো বিদ্যালয়লৈ নাহিল খাদ্য, কিছুমানত আহিল কমকৈ, বেয়াকৈ

তৃষ্ণা নাথে জনোৱা অনুসৰি অহা ৯ আৰু ১০ নবেম্বৰত ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব ৰান্ধনী আৰু সহায়িকা সন্থাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি তেওঁ জনায়।

ইয়াৰোপৰি অহা ১১ নবেম্বৰত সন্থাই ৰাজ্যৰ সকলো ৰে’লপথ অৱৰোধ কৰিব বুলি উল্লেখ কৰি ১২ নবেম্বৰত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উলুবাৰিস্থিত বাসভৱনৰ সন্মুখত ৰান্ধনী সকলে অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিব বুলি তেওঁ সদৰী কৰে।

লগতে পঢ়ক শিশুৰ স্বাস্থ্যক লৈ ল’ৰা ধেমালি! দিল্লীত ব্লেক লিষ্টেড NGO-ক দিয়া হৈছে অসমত মধ্যাহ্ন ভোজনৰ দায়িত্ব

তদুপৰি অহা ১৩ নৱেম্বৰৰ পৰা জনতা ভৱনৰ সন্মুখত আমৰন অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক ৰান্ধনী সহায়িকা সন্থাই।

Related News