শিলচৰত মধ্যাহ্ন ভোজনৰ গাড়ী লণ্ডভণ্ড কৰিলে ৰান্ধনীসকলে; নিম্নমানৰ খাদ্য অনাৰ অভিযোগ

মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি শিক্ষা বিভাগৰ টোগলকী কাণ্ডকলৈ উদ্বিগ্ন ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী, শিক্ষক তথা ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকল। অনুৰূপ পৰিবেশ শিলচৰতো দেখিবলৈ পোৱা গৈছে সোমাবাৰৰ দিনটোত।

আজি শিলচৰত শ্ৰীকোনা নামৰ এলেকাটোত মধ্যাহ্ন ভোজনৰ দায়িত্ব বহন কৰা ‘আকৃতি’ নামৰ এন জি অ’টোৱে গাড়ীত মধ্যাহ্ন ভোজনৰ সামগ্ৰীৰ বস্তু লৈ স্কুলত দিবলৈ গৈ আছিল।

সেই সময়তে মধ্যাহ্ন ভোজনৰ ৰান্ধনী সকলে এন জি অ’টোৰ গাড়ী ৰখাই প্ৰথম অৱস্থাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনা খাদ্য নিৰীক্ষণ কৰে আৰু পিছত গাড়ীখনত অনা সামগ্ৰীসমূহ লণ্ডভণ্ড কৰে।

উল্লেখযোগ্য যে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব বেচৰকাৰী সংস্থাক হস্তান্তৰ কৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে পূৰ্বৰে পৰা মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা ৰান্ধনীসকলে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ চলাই আহিছে ৷

আনহাতে ১ নৱেম্বৰৰ পৰা এন জি অ’সমূহে মধ্যাহ্ন ভোজনৰ দায়িত্ব লোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন ঠাইত বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকলে এন জি অ’ সমূহে নিম্ন মানদণ্ডৰ খাদ্য যোগান ধৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে।

সুপৰ্না দাস নামৰ এগৰাকী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় যে, ‘আমি মধ্যাহ্ন ভোজনৰ খাদ্য ৰন্ধা ঠাই টুকুৰা পৰিদৰ্শন কৰিছিলো। তাত স্বাস্থ্য সন্মত খাদ্য ৰন্ধা আৰু স্বচ্ছতাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া দেখা নাপালো।’

তাৰোপৰি সুপৰ্না দাসে কয় যে, ‘আমি আজি এন জি অ’টোৱে বিদ্যালয়ৰ সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনা খাদ্য নিৰীক্ষণ কৰিছিলো আৰু সেই খাদ্য ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী নহয়।’