NORTHEAST NOW (Assamese)

চোমন বাংচুকৰ চীনা সামগ্ৰী বয়কটৰ আহ্বানক সহাৰি দি টিকটকক বিদায় জনালে বলিউদ অভিনেতা মিলিন্দ চোমনে

May 30, 2020 10:41 am · এন ই নাও নিউজ
মিলিন্দ চোমন

লাডাখৰ অভিযন্তা চোনম ৱাংচুকৰ ‘চীনা সামগ্ৰী বয়কট আন্দোলন’ৰ প্ৰতি সহাৰি দিছে বলিউদ অভিনেতা, চুপাৰ মডেল তথা অসমৰ জোৱাই মিলিন্দ চোমনে।

টিকটককে ধৰি বিভিন্ন ছ’চিয়েল মিডিয়াত বৃহৎ সংখ্যক অনুৰাগী থকা মিলিন্দ চোমনে ৱাংচুকৰ আহ্বানৰ প্ৰতি সহাৰি জনায় চীনৰ এপছ টিকটকক বিদায় জনায়।

শিক্ষা সংস্কাৰক তথা অভিযন্তা গৰাকীৰ আহ্বানক সমৰ্থন কৰি জনপ্ৰিয় চুপাৰ মডেল গৰাকীয়ে এতিয়াৰে পৰা টিকটকত উপলব্ধ নহয় বুলি কৈ সকলো দেশবাসী আৰু তেওঁৰ অনুগামী সকলকো টিকটক বৰ্জন কৰিবলৈ কয়।

উল্লেখযোগ্য যে, চোনম ৱাংচুকে এটা ভিডিঅ’ বাৰ্তাযোগে দেশৰ সকলো নাগৰিকক এসপ্তাহৰ ভিতৰত চীনা ছফ্টৱেৰ আৰু এবছৰৰ ভিতৰত চীনা হাৰ্ডৱেৰ বৰ্জন কৰিবলৈ আহ্বান জনাইছিল।

চীন আৰু ভাৰতৰ মাজত সীমা বিবাদক লৈ চলি থকা যুদ্ধ সদৃশ পৰিস্থিতিৰ পাছতে ৱাংচুকে ভিডিঅ’ বাৰ্তাযোগে দেশবাসীক চীনা সামগ্ৰী বৰ্জন কৰাৰ বাবে অনুৰোধ কৰে।

‘‘আমি চীনা সামগ্ৰী সমূহ ব্যৱহাৰ কৰি চীনক ব্যৱসায়িকভাৱে ধনৰ যোগান ধৰো আৰু তেওঁলোকে এই টকা ব্যৱহাৰ কৰি তেওঁলোকৰ সৈন্যক আমাৰ বিৰুদ্ধে থিয় কৰা,’’ ৱাংচুকে ভিডিঅ’ বাৰ্তাটোত কয়।

Related News