ৰাজস্থানত আজি সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে এখন সেনাৰ বিমান।
ৰাজ্যখনৰ জইছালমেৰৰ জৱাহৰ নগৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।
অৱশ্যে দুৰ্ঘটনাত কোনো হানি-বিঘিনি ঘটাৰ পৰে ৰক্ষা পৰিছে দুইগৰাকী পাইলট।
দুৰ্ঘটনাৰ পিছতে দুয়োজন পাইলটক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
ঘটনা সন্দৰ্ভত সম্প্ৰতি সবিশেষ তথ্য প্ৰকাশ পোৱা নাই।