• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰৰ নিৰ্বাচনত সেনা সমৰ্থিত দলৰ বিজয়ৰ দাবী; বৈধতাক লৈ প্ৰশ্ন উত্থাপন বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2026 11:26 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰত সেনা সমৰ্থিত ইউনিয়ন ছলিডাৰিটি এণ্ড ডেভেলপমেণ্ট পাৰ্টিয়ে দেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত জয়লাভ কৰিছে। অৱশ্যে এই সপ্তাহৰ শেষলৈকে আনুষ্ঠানিক ফলাফলৰ বাবে অপেক্ষা কৰিবলগীয়া হ’ব পাৰে। এই নিৰ্বাচনৰ জৰিয়তে সামৰিক শাসনে “নতুন পৰ্যায়”ৰ সূচনা কৰিব বুলি আশংকা কৰা হৈছে।

যোৱা মাহৰ শেষৰ ফালে ম্যানমাৰত ৰাষ্ট্ৰীয় নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছিল। তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল নিৰ্বাচন। দেওবাৰে তৃতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। সামৰিক আৰু জুন্টা চৰকাৰৰ মুৰব্বী মিন আং হ্লেইঙে ব্যক্তিগতভাৱে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো তদাৰক কৰিছিল। বিতৰ্কিত নিৰ্বাচনত ছুকীৰ নেচনেল লীগ ফৰ ডেম’ক্ৰেচি (এন এল ডি)কে ধৰি বহু গুৰুত্বপূৰ্ণ দলে অংশগ্ৰহণ কৰা নাই।

Apply Now

২০২১ চনত অভ্যুত্থানেৰে ম্যানমাৰত সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰে।ইয়াৰ ফলত ২০১১ চনৰ পৰা ক্ষমতাত থকা দেশখনৰ নিৰ্বাচিত চৰকাৰখনৰ অকাল সমাপ্তি ঘটে। অভ্যুত্থানৰ কিছুদিনৰ ভিতৰতে দেশখনত গেৰিলা যুদ্ধৰ সূচনা হয়। দেশৰ বহু পুৰণি সশস্ত্ৰ গোটেও যোগ দিয়ে।

জুন্টা চৰকাৰে বিদ্ৰোহী গোট আৰু গেৰিলাক দমন কৰিবলৈ সংগ্ৰাম কৰি আছে। সেনাই বিমান আক্ৰমণৰ বাবে ক্ৰমান্বয়ে পেৰামটৰ আৰু জাইৰ’কপ্টাৰ ব্যৱহাৰ কৰিছে। এই তথ্য সোমবাৰে মানৱ অধিকাৰ সংস্থা ফৰ্টিফাই ৰাইটছৰ এক নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে। ইয়াৰ ফলত অসামৰিক লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।

নিৰ্বাচনৰ সন্দৰ্ভত জুন্টা চৰকাৰে দাবী কৰিছে যে এই নিৰ্বাচনে জনসাধাৰণৰ হাতত ক্ষমতা ঘূৰাই আনিব। কিন্তু বিৰোধীয়ে কয় যে এয়া এক ভুৱা নিৰ্বাচন। সেনাই আগতীয়াকৈ সকলো ব্যৱস্থা কৰি দিছে। এই নিৰ্বাচনৰ জৰিয়তে ৰাইজক ক্ষমতা ঘূৰাই দিয়া নহ’ব। বৰঞ্চ সামৰিক শাসন শক্তিশালী হ’ব।

গৃহযুদ্ধৰ বাবে ম্যানমাৰৰ বহু প্ৰশাসনিক অঞ্চল (টাউনশ্বিপ)ত ভোটদান অনুষ্ঠিত হোৱা নাই। বিভিন্ন বিদ্ৰোহী সংগঠনৰ নিয়ন্ত্ৰিত অঞ্চলত ভোটদানৰ অভাৱত নিৰ্বাচনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

সেনা সমৰ্থিত ইউএছডিপি দলটোৰ এজন জ্যেষ্ঠ নেতাই নাম প্ৰকাশ নকৰাকৈয়ে সংবাদ সংস্থাক কয়, “আমি ইতিমধ্যে সংখ্যাগৰিষ্ঠতা লাভ কৰিছো। আমি নতুন চৰকাৰ গঠনৰ অৱস্থাত আছো। নিৰ্বাচনত জয়ী হৈ আমি আগবাঢ়ি যাম।

কিন্তু বিশ্লেষকসকলে কয় যে ইউ এছ ডি পি আচলতে অসামৰিক ৰূপত সামৰিক বাহিনীৰ প্ৰক্সি পাৰ্টি। বহুতে ধাৰণা কৰে যে সামৰিক বাহিনীয়ে নিজৰ শাসনৰ ‘অসামৰিক বৈধতা’ দেখুৱাবলৈ এই নিৰ্বাচন আয়োজন কৰিছিল।

ইয়াংগন চহৰৰ এজন বাসিন্দাই কয়, ‘তেওঁলোকৰ জয় ইতিমধ্যে নিশ্চিত আছিল। তেওঁলোক একমাত্ৰ প্ৰতিদ্বন্দ্বী আৰু ৰেফাৰী। এই নির্বাচনৰ পৰা গঠন হ’ব লগা চৰকাৰখনে নাগৰিকৰ পৰা প্রায় কোনো সমর্থন নাথাকিব৷ ’ ৷

২৮ ডিচেম্বৰত প্ৰথম ৰাউণ্ডৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়।দ্বিতীয় ৰাউণ্ডৰ ভোটদান ২৫ জানুৱাৰীত অনুষ্ঠিত হয়। ম্যানমাৰৰ সংবিধান অনুসৰি সংসদৰ এক চতুৰ্থাংশ আসন সামৰিক বাহিনীৰ বাবে সংৰক্ষিত। সংসদ গঠন হোৱাৰ পিছত সকলো সদস্যই যৌথভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব।

নতুন সংসদ গঠন হ’লে মিন আং হ্লাইঙে সামৰিক পোছাক খুলি নিজেই ৰাষ্ট্ৰপতি হ’ব বুলি ধাৰণা কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞ টম এণ্ড্ৰুজে কয়, “ম্যানমাৰৰ নিৰ্বাচনৰ ফলাফল কেতিয়াও সন্দেহৰ বাহিৰত নাছিল। কিন্তু নিৰ্বাচনৰ ফলাফলৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি এই প্ৰৱঞ্চনামূলক নিৰ্বাচনী কাৰ্য্যকলাপসমূহক আন্তঃৰাষ্ট্ৰীয় বৈধতা প্ৰদান কৰা হয় তেন্তে সংকটৰ প্ৰকৃত সমাধান আৰু অধিক পলম হ’ব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd