• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

কানাডাত গোট খাইছে লাখ লাখ সাপ : পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সাপৰ মধুচন্দ্ৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2026 5:45 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কানাডাৰ এটা সৰু অঞ্চল প্ৰতি বছৰে বসন্ত কালত হাজাৰ হাজাৰ সাপৰ মিলনক্ষেত্ৰলৈ পৰিৱৰ্তিত হয়। শুনিবলৈ আচৰিত যেন লাগিলেও কানাডাৰ মেনিটোবা প্ৰদেশৰ নাৰ্চিছ নামৰ ঠাইখনত প্ৰতি বছৰে প্ৰায় ৭৫ হাজাৰৰ পৰা ডেৰ লাখ ৰেড-চাইডেড গাৰ্টাৰ সাপ একেলগে গোট খায়। বিশ্বৰ আটাইতকৈ ডাঙৰ সাপৰ সমাবেশ হিচাপে পৰিচিত এই স্থানক বহুতে ধেমালি কৰি সাপৰ হানিমুন স্পট বুলিও কয়। এই বিৰল প্ৰাকৃতিক দৃশ্য চাবলৈ প্ৰতি বছৰে দেশ-বিদেশৰ পৰ্যটক, গৱেষক আৰু প্ৰকৃতিপ্ৰেমীৰ ভিৰ লাগে।

প্ৰচণ্ড শীতৰ দেশ কানাডাত বছৰৰ বেছিভাগ সময় তীব্ৰ ঠাণ্ডা থাকে। মেনিটোবাৰ এই অঞ্চলত উষ্ণতা বহু সময়ত মাইনাস ৩০ ডিগ্ৰী চেলচিয়াছৰ তললৈও নামি যায়। সেই কঠিন শীতৰ পৰা বাচিবলৈ হাজাৰ হাজাৰ সাপে মাটিৰ তলৰ চূণশিলৰ গুহাত আশ্ৰয় লৈ থাকে। কিন্তু বসন্ত কাল অহাৰ লগে লগে যেতিয়া বতৰ অলপ গৰম হয়, তেতিয়া এই সাপবোৰ একেলগে মাটিৰ ওপৰলৈ ওলাই আহে। তেতিয়াই আৰম্ভ হয় প্ৰকৃতিৰ এক বিস্ময়কৰ খেল।

Apply Now

বিশেষজ্ঞসকলৰ মতে এই সাপবোৰ মূলতঃ প্ৰজননৰ বাবেহে এনেদৰে একত্ৰিত হয়। মাইকী সাপক কেন্দ্ৰ কৰি অসংখ্য মতা সাপ একেলগে জুম বান্ধে আৰু ইয়াৰ ফলত মাটিত এক বিশাল সাপৰ সমাৱেশৰ সৃষ্টি হয়। এই অদ্ভুত দৃশ্যই এফালে যেনেকৈ মানুহৰ মনত ভয়ৰ সৃষ্টি কৰে, আনফালে তেনেকৈ আচৰিতো কৰি তোলে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই সাপবোৰ বিষহীন আৰু ই মানুহৰ বাবে কোনো অনিষ্ট নকৰে। সেইবাবেই পৰ্যটকসকলে নিৰাপদ দূৰত্বত থাকি এই বিৰল দৃশ্য উপভোগ কৰিব পাৰে। স্থানীয় প্ৰশাসনেও পৰ্যটকৰ সুবিধাৰ বাবে বিশেষ ৰাস্তা আৰু নিৰীক্ষণৰ ব্যৱস্থা কৰি দিছে যাতে মানুহে সহজে এই প্ৰাকৃতিক ঘটনাটো ওচৰৰ পৰা চাব পাৰে।

নাৰ্চিছৰ এই সাপৰ আশ্ৰয়স্থলবোৰ এতিয়া কেৱল পৰ্যটন কেন্দ্ৰই নহয়, বিজ্ঞানীসকলৰ বাবেও এক গুৰুত্বপূৰ্ণ গৱেষণাক্ষেত্ৰ হৈ পৰিছে। সাপৰ আচৰণ, প্ৰজনন পদ্ধতি আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে ইয়াত গৱেষণা চলাই থকা হয়। বিশেষজ্ঞসকলৰ মতে পৃথিৱীৰ অতি কম ঠাইতহে এনেদৰে ইমান বৃহৎ সংখ্যক সাপ একেলগে দেখা পোৱা যায়।  সেয়েহে কানাডাৰ এই বিশেষ ঠাইখন আজি সমগ্ৰ বিশ্বৰ বাবে এক কৌতুহলৰ কেন্দ্ৰবিন্দু।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd