NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় জলপানী বঁটাপ্ৰাপ্ত যুৱ মূকাভিনেতা মিনাংক ডেকাৰ ‘স্বচ্ছতা ১০১’ৰ শুভাৰম্ভ

February 24, 2020 2:29 pm · এন ই নাও নিউজ

‘মিছন ছেভ দীপৰ বিল’, ‘নিৰ্বাক যাত্ৰা’ আদিৰ জৰিয়তে বিভিন্ন গঠনমূলক কাম কৰা উদীয়মান মূকাভিনেতা মিনাংক ডেকাই এইবাৰ স্বচ্ছতাৰ ক্ষেত্ৰত সজাগ কৰিবলৈ হাতত লৈছে এক অভিনৱ পন্থা।

সামাজিক সাংস্কৃতিক সংস্থা সমলয়ৰ উদ্যোগত আৰু মিনাংক ডেকাৰ পৰিচালনাত দেওবাৰে শুভাৰম্ভণি কৰা হয় ‘স্বচ্ছতা ১০১’ শীৰ্ষক কাৰ্যসূচী।

প্ৰতিভাৱান শিল্পীগৰাকীৰ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ অংশস্বৰূপে দেওবাৰে গুৱাহাটীৰ কাছাৰীঘাটত কেইবাগৰাকীও মূকাভিনয়ৰ শিল্পীৰ দ্বাৰা ‘স্বচ্ছতা’ শীৰ্ষক এখন নাট প্ৰদৰ্শন কৰা হয়।

শিল্পীৰ দলটোৱে প্লাষ্টিক বৰ্জন কৰক, য’তে ত’তে আৱৰ্জনা নেপেলাব আদি লিখা থকা প্লে কাৰ্ড হাতে-হাতে লোৱাৰ লগতে শ্ল’গানেৰে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে।

মূকাভিনেতা মিনাংক ডেকা

পৰিৱেশ সংৰক্ষণ তথা বিভিন্ন সজাগতামূলক কাম কৰি অহা মূকাভিনেতা মিনাংক ডেকাই এই সন্দৰ্ভত কয়, ‘মূকাভিনয়ৰ জৰিয়তে যাতে স্বচ্ছতাৰ বাৰ্তা সকলোৰে মাজলৈ লৈ যাব পাৰো তাৰ কামত নিয়োজিত হৈছো। সেয়ে গ্ৰহণ কৰিছো ‘স্বচ্ছতা ১০১’।

গুৱাহাটীত শুভাৰম্ভ হোৱা এই কাৰ্যসূচী পৰৱৰ্তী সময়ত নলবাৰী আৰু ৰঙিয়াত গ্ৰহণ কৰা হ’ব বুলিও মূকাভিনেতাগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে শুভাৰম্ভণি অনুষ্ঠানত অসম ৰাজ্যিক বাল ভৱনৰ প্ৰাক্তন অধ্যক্ষা কবিতা শৰ্মা ভট্টাচাৰ্য্য, সমাজ কৰ্মী ভাস্কৰ জ্যোতি দাস, আৰছেল আখতাৰ, সিসেন্দু শেখৰ দাসৰ লগতে আন বহুতো লোক উপস্থিত থাকে।

Related News