১৬ কোটি টকা ব্যয় সাপেক্ষে এখন অৰ্কিড পাৰ্ক নিৰ্মাণৰ পৰিকল্পনা চৰকাৰৰ

অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ উদ্যোগত আৰু বোকাখাত মহকুমা প্ৰশাসনৰ সহযোগত শনিবাৰে বোকাখাতত শ্ৰম কল্যাণ বিভাগে শ্ৰমিকৰ বাবে হাতত লোৱা বিভিন্ন কল্যাণমূলক আচঁনিসমূহৰ এখনি সজাগতা সভা অনুষ্ঠিত কৰে।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কৃষি আৰু পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই উপস্থিত সকলােকে চৰকাৰী বিভিন্ন বিভাগৰ আচঁনিসমূহৰ বিষয়ে সবিশেষ তথ্য আহৰণ কৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলক আঁচনিসমূহৰ জৰিয়তে স্বাৱলম্বী হ’বলৈয়ো পৰামৰ্শ দিয়ে।

মন্ত্ৰীগৰাকীয়ে বোকাখাতত প্ৰায় ১৬ কোটি টকাৰ ব্যয় সাপেক্ষে এখনি অৰ্কিড পাৰ্ক নিৰ্মাণৰ পৰিকল্পনাৰ বিষয়েও উল্লেখ কৰে।

উল্লেখযোগ্য যে আজিৰ এই সজাগতা সভাতে মন্ত্ৰী অতুল বৰাই  হিতাধিকাৰীৰ চিকিৎসা সাহায্যৰ অধীনত এজনক, মৃত্যুত আৰ্থিক সাহায্যৰ অধীনত তিনিজনক তথা কৃত্ৰিম ৰোগৰ এককালীন চিকিৎসা সাহায্যৰ অধীনত তিনিজন হিতাধিকাৰীক চেক বিতৰণ কৰে।

ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ মেধা সম্পন্ন ল’ৰা ছোৱালীক এককালীন নগদ বঁটাৰ অধীনত ৭৫ শতাংশতকৈ অধিক নম্বৰপ্ৰাপ্ত ৩ জনক ৫০০০ টকা, ৬৫ শতাংশৰ পৰা ৭৫ শতাংশৰ ভিতৰত নম্বৰপ্ৰাপ্ত ১ জনক ৪০০০ টকা আৰু  ৫৫ শতাংশৰ পৰা ৬৫ শতাংশৰ ভিতৰত নম্বৰপ্ৰাপ্ত ৩ জনক ৩৫০০ টকাৰ চেক প্ৰদান কৰে ।

সভাত অসম চৰকাৰৰ  শ্ৰম বিভাগৰ আয়ুক্ত নাৰায়ন কোৱঁৰ, অতিৰিক্ত উপায়ুক্ত অনুসূয়া দত্ত বৰুৱা, বোকাখাত মহকুমাৰ  মহকুমাধিপতি বিবেক শ্যাম, সহকাৰী শ্ৰম আয়ুক্ত  এ.কে দাস, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।