NORTHEAST NOW (Assamese)

নলবাৰীৰ দল-সংগঠনক ক’লা পতাকা দেখুৱাবলৈ গৰ্ডন ফিল্ডলৈ নিমন্ত্ৰণ জনালে দাম্ভিক চন্দ্ৰমোহনে

March 6, 2019 10:23 am · এন ই নাও নিউজ
Updated: March 6, 2019 10:34 am
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ফাইল ফটো

সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰিবহন, উদ্যোগ, বাণিজ্যৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এতিয়া পৰিচিত হৈ পৰিছে দায়িত্বহীন মন্তব্যৰ বাবে। সময়ে সময়ে কৰি অহাৰ দৰে মঙলবাৰে মন্ত্ৰীগৰাকীৰ আন এক দায়িত্বহীন মন্তব্যই এতিয়া নলবাৰী জিলাত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

মঙলবাৰে নলবাৰীত এক অনুষ্ঠানত অংশ ল’বলৈ গৈ মন্ত্ৰীগৰাকীয়ে দল-সংগঠনৰ গণতান্ত্ৰিক প্ৰতিবাদ-আন্দোলনক তাচ্ছিল্য কৰাৰ লগতে ক’লা পতাকা প্ৰদৰ্শনকাৰী সংগঠন সমূহক এক প্ৰকাৰ প্ৰত্যাহ্বান জনায়। তেওঁ কয়, ‘ইমানেই যদি ক’লা পতাকা দেখুৱাবলৈ মন আছে, তেন্তে মই এদিন গৰ্ডন ফিল্ডলৈ আহিম। তাত দিনটো ক’লা পতাকা দেখুৱাওক, মই দিনটো চাম’।

ইয়াৰ উপৰি ৰাজপথত ইনক্লাব জিন্দাবাদ দি থাকিলে সমস্যা সমাধান নহয় বুলিও দল-সংগঠন সমূহক সকীয়াই দিয়াৰ লগতে একপ্ৰকাৰ ইতিকিং কৰা দেখা যায় মন্ত্ৰী পাটোৱাৰীক।

ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰে কেনেধৰণৰ আঁচনি লৈছে সেই সম্পৰ্কে জনোৱাৰ বিপৰীতে মন্ত্ৰীগৰাকী ব্যস্ত থাকিল কেৱল দল-সংগঠনক ঠাট্টা-মস্কৰা কৰাত। ইমানতে ক্ষান্ত নাথাকি ক’লা পতাকা প্ৰদৰ্শন কৰা প্ৰতিবাদকাৰী দল-সংগঠনক এক প্ৰকাৰ ভাবুকিও প্ৰদান কৰা দেখা যায়। তেওঁ কয়, ‘উন্নয়নৰ বাবে অহা মন্ত্ৰী-বিধায়কক ক’লা পতাকা দেখুৱাব নালাগে’।

উল্লেখ্য যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত মঙলবাৰে নলবাৰীৰ বৰআজাৰাৰ বাসন্তী খলাত সাংস্কৃতিক প্ৰকল্প আৰু সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী পাটোৱাৰীয়ে কৰা এনে মন্তব্যত স্বাভাৱিকতে জিলাখৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মন্ত্ৰীগৰাকীয়ে কৰা এনে মন্তব্যৰ দল-সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও কিদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া সময়ত লক্ষ্যণীয় হ’ব।

ইফালে আধাৰশিলা স্থাপন অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকা বৰ্ণালী শৰ্মা, বিধায়ক অশোক শৰ্মা, বিধায়ক নাৰায়ণ ডেকা, নিতুল ডেকা, উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা স্থানীয় লোকসকল উপস্থিত থাকে।

Related News