• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নলবাৰীৰ দল-সংগঠনক ক’লা পতাকা দেখুৱাবলৈ গৰ্ডন ফিল্ডলৈ নিমন্ত্ৰণ জনালে দাম্ভিক চন্দ্ৰমোহনে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2019 10:23 am
11-05-18-Guwahati-Chandra-Mohan-Patowary-press-conference-1

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ফাইল ফটো

814
VIEWS
Share on FacebookShare on Twitter

সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰিবহন, উদ্যোগ, বাণিজ্যৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এতিয়া পৰিচিত হৈ পৰিছে দায়িত্বহীন মন্তব্যৰ বাবে। সময়ে সময়ে কৰি অহাৰ দৰে মঙলবাৰে মন্ত্ৰীগৰাকীৰ আন এক দায়িত্বহীন মন্তব্যই এতিয়া নলবাৰী জিলাত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

মঙলবাৰে নলবাৰীত এক অনুষ্ঠানত অংশ ল’বলৈ গৈ মন্ত্ৰীগৰাকীয়ে দল-সংগঠনৰ গণতান্ত্ৰিক প্ৰতিবাদ-আন্দোলনক তাচ্ছিল্য কৰাৰ লগতে ক’লা পতাকা প্ৰদৰ্শনকাৰী সংগঠন সমূহক এক প্ৰকাৰ প্ৰত্যাহ্বান জনায়। তেওঁ কয়, ‘ইমানেই যদি ক’লা পতাকা দেখুৱাবলৈ মন আছে, তেন্তে মই এদিন গৰ্ডন ফিল্ডলৈ আহিম। তাত দিনটো ক’লা পতাকা দেখুৱাওক, মই দিনটো চাম’।

ইয়াৰ উপৰি ৰাজপথত ইনক্লাব জিন্দাবাদ দি থাকিলে সমস্যা সমাধান নহয় বুলিও দল-সংগঠন সমূহক সকীয়াই দিয়াৰ লগতে একপ্ৰকাৰ ইতিকিং কৰা দেখা যায় মন্ত্ৰী পাটোৱাৰীক।

ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰে কেনেধৰণৰ আঁচনি লৈছে সেই সম্পৰ্কে জনোৱাৰ বিপৰীতে মন্ত্ৰীগৰাকী ব্যস্ত থাকিল কেৱল দল-সংগঠনক ঠাট্টা-মস্কৰা কৰাত। ইমানতে ক্ষান্ত নাথাকি ক’লা পতাকা প্ৰদৰ্শন কৰা প্ৰতিবাদকাৰী দল-সংগঠনক এক প্ৰকাৰ ভাবুকিও প্ৰদান কৰা দেখা যায়। তেওঁ কয়, ‘উন্নয়নৰ বাবে অহা মন্ত্ৰী-বিধায়কক ক’লা পতাকা দেখুৱাব নালাগে’।

উল্লেখ্য যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত মঙলবাৰে নলবাৰীৰ বৰআজাৰাৰ বাসন্তী খলাত সাংস্কৃতিক প্ৰকল্প আৰু সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী পাটোৱাৰীয়ে কৰা এনে মন্তব্যত স্বাভাৱিকতে জিলাখৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মন্ত্ৰীগৰাকীয়ে কৰা এনে মন্তব্যৰ দল-সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও কিদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া সময়ত লক্ষ্যণীয় হ’ব।

ইফালে আধাৰশিলা স্থাপন অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকা বৰ্ণালী শৰ্মা, বিধায়ক অশোক শৰ্মা, বিধায়ক নাৰায়ণ ডেকা, নিতুল ডেকা, উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা স্থানীয় লোকসকল উপস্থিত থাকে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd