অহা ৩ মাহত অসমৰ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ আশ্বাস নীতিন গাডকাৰীৰ

প্ৰতিনিধিত্বমূলক ছবি

অহা ৩ মাহৰ ভিতৰত অসমৰ জৰাজীৰ্ণ অৱস্থাত থকা ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰা হ’ব। এই প্ৰতিশ্ৰুতি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ প্ৰাধিকৰণ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰী।

১০ জুলাই বুধবাৰে অসমৰ সাংসদসকলৰ সৈতে ৰাজ্যখনৰ ঘাইপথৰ সমস্যা সন্দৰ্ভত এক বৈঠকত মিলত হোৱাৰ পিছত মন্ত্ৰী গৰাকীয়ে উক্ত আশ্বাস প্ৰদান কৰে।

উল্লেখযোগ্য সংসদত অসমৰ কেইবাজনো সাংসদে ৰাজ্যখনৰ জৰাজীৰ্ণ অৱস্থাত থকা ঘাইপথসমূৰ বিষয়টো উত্থাপন কৰাৰ পিছতে গাডকাৰীয়ে এই সম্পৰ্কত আলোচনা কৰাৰ বাবে অসমৰ সাংসদসকলৰ সৈতে এক বৈঠকৰ আহ্বান জনাইছিল।

কালিৰ বৈঠকত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ ৰিপুণ বৰা, বদৰুদ্দিন আজমল, পল্লৱলোচন দাস, নৱ শৰণীয়া আৰু কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে।

বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাৰিলে’নযুক্ত পথৰ কাম বন্ধ হৈ থকাৰ বাবে ঠিকাদাৰসকলক জগৰীয়া কৰি শীঘ্ৰে সংশ্লিষ্ট ঠিকাদাৰক কাম সম্পূৰ্ণ কৰাৰ জাননী জাৰি কৰা হ’ব বুলি কয়। ঠিকাদাৰসকলে সোনকালে কাম সম্পূৰ্ণ নকৰিলে তেওঁলোকক কামৰ পৰা অব্যহতি দি সেই কাম অন্য ঠিকাদাৰক দিয়া হ’ব বুলি গাডকাৰীয়ে লগতে কয়।