NORTHEAST NOW (Assamese)

বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ধাৰাবাহিকতা অক্ষুণ্ণ টিম ইণ্ডিয়াৰ; টুইটাৰ যোগে শুভেচ্ছা হিমন্তৰ

June 17, 2019 11:55 am · এন ই নাও নিউজ
Updated: June 17, 2019 12:12 pm
ফটো উৎস : ইণ্টাৰনেট

ক্ৰিকেট বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ মানেই তীব্ৰ উত্তেজনা। ১৯৯২ চনৰ পৰা এই পৰ্যন্ত দুয়োটা দলে বিশ্বকাপত মুখামুখি হ’ল সাতবাৰ। কিন্তু প্ৰতিবাৰেই ৰোমাঞ্চ আৰু উত্তেজনাৰে ভৰা মেচ কেইখনত বিজয়ৰ শেষ হাঁহি মাৰে টিম ইণ্ডিয়াই।

বিজয়ৰ পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি চিৰবৈৰী পাকিস্তানক কালিৰ মেচখনতো ৮৯ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়। বিজয়ৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াযোগে ভাৰতীয় দলৰ ক্ৰিকেটাৰ সকলক বিভিন্ন জনে শুভেচ্ছা প্ৰদান কৰিছে। ঠিক সেইদৰে অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও টুইটাৰযোগে অভিনন্দন জনাইছে ভাৰতীয় দলক।

তেওঁ টুইটযোগে কয়, ‘দেওবাৰে মানচেষ্টাৰত পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত বিশ্বকাপৰ মেচখনত জয়ী হৈ ১৫ জন ল’ৰাই তেওঁলোকৰ দেউতাক সকলক পিতৃ দিৱস ২০১৯ৰ চমকপ্ৰদ উপহাৰ প্ৰদান কৰিছে। বিৰাট কোহলি আৰু ভাৰতীয় দলক শুভেচ্ছা’।

ইয়াৰ উপৰি নেডাৰ আহ্বায়ক তথা অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেচখনত দৰ্শনীয় শতকেৰে পাকিস্তানৰ বলিং লাইন আপ থকা-সৰকা কৰি দিয়া অপেনাৰ ৰোহিত শৰ্মাকো প্ৰশংসা কৰা দেখা যায়।

উল্লেখ্য যে কালি অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপৰ হাইভল্টেজ মেচখনত ভাৰতে প্ৰথমে বেট ধৰি ৰোহিত শৰ্মাৰ দৰ্শনীয় ১৪০, কে এল ৰাহুলৰ ৫৭, অধিনায়ক বিৰাট কোহলিৰ ৭৭ ৰানৰ সহায়ত নিৰ্ধাৰিত ৫০ অ’ভাৰত পাকিস্তানৰ সন্মুখত ৩৩৬ ৰানৰ এক বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল।

ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে বেট ধৰিবলৈ আহি আৰম্ভণিতে মুখথেকেচা খাব লগীয়া হয়। পিছত ফখৰ জামান আৰু বাবৰ আজমৰ ধৈৰ্যশীল বেটিঙে মেচখনত পাকিস্তানক কিছু পৰিমানে আশাৰ সঞ্চাৰ দেখুৱাইছিল যদিও ভাৰতীয় স্পীনাৰ কুলদীপ যাদৱে দুয়োকে পেভেলিয়নৰ ৰাস্তা দেখুওৱাত পাকিস্তানৰ বাবে বিজয় অসম্ভৱ পৰিলক্ষিত হয়।

৩৫ অ’ভাৰত পাকিস্তানে ৬ উইকেট হেৰুৱাই ১৬৬ ৰানত বেটিং কৰি থকা সময়তে বৰষুণে বন্ধ কৰে মেচখন। পিছত ডাকৱৰ্থ লুইচ পদ্ধতিত মেচখনত বিজয়ৰ বাবে পাকিস্তানক ৪০ অ’ভাৰত ৩০২ ৰানৰ লক্ষ্য বান্ধি দিয়ে। কিন্তু পাকিস্তানে নিৰ্ধাৰিত ৪০ অ’ভাৰত ৬ উইকেটত মাত্ৰ ২১২ ৰানহে সংগ্ৰহ কৰাত মেচখন ৮৯ ৰানত জিকে ভাৰত।

Related News