মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা অসমৰ এখন ঐতিহাসিক থান হৈছে গাংমৌথান। বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাং আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলীত অৱস্থিত এই গাংমৌথানত আজি পুৱা প্ৰায় ১০ বজাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়।
গুৰু জনাই ৭ বছৰ ৬ মাহ কাল অতিবাহিত কৰা ঐতিহাসিক থানখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সেৱা আগবঢ়োৱাৰ লগতে থানখনৰ উন্নয়ণ সাধনৰ কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে।
সেই অনুসৰি এই বছৰৰ ভিতৰতে বৰগাঙৰ পৰা গাংমৌথানলৈ অহা পথটো ২ লেনযুক্ত পথলৈ উন্নীত কৰা আৰ গুৰুজনাৰ সৃষ্টি পদুম পুখুৰী সংৰক্ষণৰ ব্যৱস্থা কৰা ইত্যাদি অন্যতম।
ইয়াৰ উপৰি গাংমৌথানত দূৰণিবতীয়া অতিথিৰ বাবে অতিথিশালা নিৰ্মাণ, পদুম পুখুৰীৰ চাৰিওফালে বহাৰ ব্যৱস্থা কৰাৰ লগতে স্বচ্ছ ভাৰতৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ কয়। আনহাতে মহাপুৰুষজনাৰ পদধূলি থকা ধাপটো সংৰক্ষণ, থানখনৰ খহনীয়া ৰোধ কৰিবৰ বাবে জিঅ’ বেগৰ কামৰ সম্প্ৰসাৰণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গৰাকীয়ে।
পিছত তেওঁ বিহালী স্নাতক মহাবিদ্যালয়ত গৈ প্ৰৱক্তা আৰু অধ্যক্ষৰ সৈতে মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰে।
আজি মন্ত্ৰী শৰ্মাৰ সৈতে তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্ত, পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্ৰৰায় আদি উপস্থিত থাকে।