গুণোৎসৱ উপলক্ষে কলিয়াবৰৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ
বুধবাৰৰ পৰা ৰাজ্যৰ ১৭খন জিলাত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে বৃহস্পতিবাৰে কলিয়াবৰৰ বিভিন্ন বিদ্যালয়ত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে।
শিক্ষকৰ ৰূপত অৱতীৰ্ণ হৈ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড পৰীক্ষা কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সৈতেও বিভিন্ন বিষয়ত আলোচনা কৰা দেখা যায়।
কলিয়াবৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ পশ্চিম কলিয়াবৰ মজলীয়া বিদ্যালয়, শিলঘাট বালিকা প্ৰাথমিক বিদ্যালয়, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰে পাঠ্যক্ৰম সম্পৰ্কত মত বিনিময় কৰা দেখা যায় মন্ত্ৰী মহন্তক।
বিদ্যালয়ৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ পৰীক্ষা লৈ মন্ত্ৰীগৰাকীয়ে। আনহাতে গুণোৎসৱ উপলক্ষে বিদ্যালয় কেইখনত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ লগতো মত বিনিময় কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সম্পৰ্কে বহুতো গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে।
আনহাতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত মন্ত্ৰী মহন্তই কয় যে এই গুণোৎসৱে বিদ্যালয় সমূহৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ডৰ ফল নিৰূপণত যথেষ্ট সহায় কৰিব।