• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত বনাঞ্চলৰ তিনিশ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ উপায়ুক্তক নিৰ্দেশ

মুকেশ সিং by মুকেশ সিং
June 12, 2021 9:58 pm
ran
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ধুবুৰী জিলাৰ কোভিড পৰিস্থিতি আৰু বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে ৷

পুৱা ১০.৩০ বজাৰ পৰা প্ৰায় ৬ঘন্টা ধৰি ধুবুৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ধুবুৰীৰ উপায়ুক্ত অন্বামুথন এম পিসহ জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰ্যায়ক্ৰমে বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে৷

Apply Now

ধুবুৰী জিলাত বেদখলকাৰীৰ কবলত থকা ৭২.৩৬ হেক্টৰ বনাঞ্চলৰ আৰু ২৩১ হেক্টৰ প্ৰস্তাৱিত বনাঞ্চলৰ ভূমিত উচ্ছেদ অভিযান চলাই শীঘ্ৰে বেদখলমুক্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে ডি এফ অ’ক নিৰ্দেশ দিয়ে৷

জিলাখনত এম জি এনৰেগাৰ জৰিয়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে কৰা পাৰ্কুপাইন নিৰ্মাণৰ কমেও ১৫ খন আচনিত দুৰ্নীতি হোৱাৰ তথ্য লাভ কৰা বুলি সদৰি কৰি মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক তদন্তৰ নিৰ্দেশ দিয়ে৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলক উদেশ্যি মন্ত্ৰীগৰাকীয়ে কয়- ‘বিভাগটোৰ কামৰ ধৰণ এতিয়া সলনি হ’ব৷

সকলোৱে এতিয়া পূৰ্বৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব ৷ আচনিৰ ৰূপায়ণ সঠিক হ’ব লাগিব৷ কোনোধৰণৰ দুৰ্নীতি সহ্য কৰা নহ’ব৷’

জনস্বাস্থ্য কাৰিকৰী বিভাগক ‘জল জীৱন অভিযান’ৰ নিৰ্মীয়মান আচনিবোৰৰৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এনে আচনিত আৰ্ছেনিক, ফ্ল’ৰাইডৰ উপস্থিতিৰ লগতে পানীৰ গুণাগুণ পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে৷ বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰত থকা পৰিয়ালক খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেছন কাৰ্ড পৰিহাৰ কৰি প্ৰকৃতাৰ্থত দুখীয়া পৰিয়ালক কাৰ্ড লাভৰ সুযোগ দিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলক প্ৰয়োজনত কঠোৰ পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে৷

তেওঁ ধুবুৰীত এনেধৰণৰ ত্ৰিশ সহস্ৰাধিক পৰিয়াল থকা বুলি উল্লেখ কৰি শীঘ্ৰে তেওঁলোকক বিচাৰি উলিওৱা হ’ব বুলি কয়৷ মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে যোগান বিভাগৰ ডিলাৰ, গাঁওবুঢ়া, গ্ৰামসেৱকসকলক জড়িত কৰিবলৈ পৰামৰ্শ দিয়ে৷

লোকনিৰ্মাণ বিভাগক মধুপুৰ সত্ৰৰ আন্ত:গাথনি নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ধুবুৰী মেডিকেল কলেজ, বিলাসীপাৰা আন্ত:ৰাজ্যিক বাছ আস্থানকে ধৰি আন আন আন্ত:গাথনি নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে৷

স্বাস্থ্য বিভাগৰ ধুবুৰী জিলাৰ যুটীয়া সঞ্চালকে ধুবুৰী জিলাত কেৱল এজনহে এনাছথেটিষ্ট থকাৰ বাবে হোৱা সমস্যাৰ বিষয়ে অৱগত কৰাত মন্ত্ৰীগৰাকীয়ে বিষয়টো মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক অৱগত কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়৷ তেওঁ জিলাখনৰ কোভিড পৰিস্থিতিৰো বুজ লয়৷

অৱসৰ গ্ৰহণৰ পিছত পেন্সন লাভৰ ক্ষেত্ৰত শিক্ষকে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি সতৰ্ক হ’বলৈ, শিক্ষকৰ বদলিকে ধৰি বিভিন্ন ধৰণৰ কামৰ বাবে জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত হোৱা দুৰ্নীতি বন্ধ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে শিক্ষা বিভগৰ বিষয়াক নিৰ্দেশ দিয়ে৷ ঘৰত গৈ অংগনবাড়ী কেন্দ্ৰত নাম পঞ্জীয়নভুক্ত শিশুসকলক খাদ্য যোগান ধৰাৰ কাম কোনোধৰণৰ বিৰতি নোহোৱাকৈ চলাই যাবলৈ মন্ত্ৰীগৰাকীয়ে জিলা সমাজ কল্যাণ বিষয়াক নিৰ্দেশ দিয়ে৷

গ্ৰাম সেৱকসকল কৃষকৰ ওচৰলৈ নাযায় বুলি মন্তব্য কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এতিয়াৰ পৰা গ্ৰাম সেৱকে লগ কৰা কৃষকৰ নাম আৰু ফোন নম্বৰ জিলা কৃষি বিষয়াক জমা দিবলৈ নিৰ্দেশ দিয়ে৷ জিলা কৃষি বিষয়াই এই তথ্য জিলা উপায়ুক্ত আৰু জিলা উন্নয়ণ আয়ুক্তক জমা দিব লাগিব ৷ ধানৰ নিম্নতম সমৰ্থন মূল্য যাতে ক্ষুদ্ৰ কৃষকে লাভ কৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈও মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্দেশ দিয়ে৷

ধুবুৰী জিলাত থকা ১৬২ খন বিলৰ যিবোৰত বেদখল আছে সেয়া উচ্ছেদ কৰি পৰৱৰ্তী সময়ত তাত এম জি এনৰেগাৰ জৰিয়তে ৰাজহুৱা পুখুৰীৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ অসম শক্তি বিতৰণ নিগম লিমিটেডৰ বিষয়াক লোডশ্বেডিং নকৰিবলৈ কয় মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ জলসম্পদ, জলসিঞ্চন, উদ্যোগ আৰু বাণিজ্য, পশুপালন আৰু পশু চিকিৎসা, পৰিবহণ, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ কাম কাজৰো পৰ্যালোচনা কৰে৷

পৰ্যালোচনা বৈঠকৰ অন্তত অভিভাৱক মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে তেওঁ প্ৰতিমাহে জিলাখনৰ কিছুমান বিভাগৰ কামৰ পৰ্যালোচনা কৰিব আৰু প্ৰতি তিনিমাহৰ মূৰে মূৰে আন বিভাগবোৰৰ কামৰ পৰ্যালোচনা কৰিব৷ জিলাখনত বিভিন্ন বিভাগত খালী হৈ থকা পদবোৰ পূৰণৰ বাবে তেওঁ বিভাগীয মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব বুলি কয়৷ মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত অন্বামুথন এম পি কামৰ শলাগ লয়৷

মুকেশ সিং

মুকেশ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd