• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসমত হোৱা নাই অতিপাত মূল্যবৃদ্ধি’! মূল্যবৃদ্ধিৰ উত্তাপ অনুভৱ নকৰা যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 18, 2021 2:23 pm
bonn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বজাৰত জুই লাগিছে। প্ৰতিবিধ বস্তুৰে আকাশলংঘী দামে জনতাক কোঙা কৰিছে। নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি, ঔষধ, গৃহ নিৰ্মাণৰ সামগ্ৰী, ইন্ধন সকলোতে কেৱল মূল্যবৃদ্ধি। ইমানৰ পিছতো ৰাজ্যৰ যোগান মন্ত্ৰীগৰাকীক চুই যাব পৰা নাই মূল্যবৃদ্ধিৰ জুইকুৰাৰ উত্তাপে।

‘মই মূল্যবৃদ্ধি হোৱা নাই বুলি নকও ,কিন্তু আমাৰ দেশত যি হাৰত মূল্যবৃদ্ধি হৈছে তাৰ লগত আমাৰ সামঞ্জস্যটো আছে৷ অসমত অতিপাত মূল্যবৃদ্ধি হোৱা নাই’— এই মন্তব্য ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান তথা বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ৷

Apply Now

বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ ক’ভিড – ১৯ বিধবা সাহাৰ্য আঁচনিৰ অধীনত জিলাখনৰ ক’ভিডত মৃত্যু হোৱা স্বামীহাৰা বিধবা পত্নীক চেক প্ৰদান কৰিবলৈ অহা মন্ত্ৰীগৰাকীক মূল্যবৃদ্ধি সন্দৰ্ভত কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়া বুলি কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত এইদৰে মন্তব্য কৰে ৷

তেওঁ কয় ‘এতিয়া যিহেতু বিধান সভাৰ বাজেট অধিৱেশন চলি আছে আৰু প্ৰতিদিনে যিহেতু প্ৰশ্নত্তোৰ কালৰ বাবে এঘণ্টাকৈ ৰখা আছে, সেয়ে কংগ্ৰেছ দলে সোধা এনে প্ৰশ্নৰ উত্তৰ আমি বিধান সভাত প্ৰদান কৰিছো ৷ বিধান সভাৰ মজিয়াত আমি যি জানো বা যিখিনি ক’বলগীয়া আছিল আমি কৈছো ৷ গতিকে কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে বাহিৰত কি কৈ আছে সেই বিষয়ে মই জ্ঞাত নহয় ৷ আজি আমি এটা কথা কৈছো, যিহেতু ডিজেল আৰু পেট্ৰলৰ বিষয়টো আমাৰ ৰাজ্যিক বিষয় নহয় ,আন্তঃৰাষ্ট্ৰীয় বিষয়  ৷ এই বিষয়টো কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰে ,গতিকে পেট্ৰল আৰু ডিজেলৰ যি দাম বাঢ়িছে এয়া কেৱল অসমত হোৱা নাই ৷ সৰ্বভাৰতীয় পৰ্যায়ত হৈছে ৷ দ্বিতীয়তে যি খাদ্য সামগ্ৰী বা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কথা কৈছে আমি দেখিছো যে গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰতিদিনে একোখন তালিকা প্ৰস্তুত কৰি ৱেবচাইটত প্ৰকাশ কৰে ৷ সেই ৱেবচাইটত দেশৰ দিল্লী, বাংগালোৰ ,কলকাতা ,গুৱাহাটী আদি কোনখন মহানগৰ বা চহৰত বিভিন্ন খাদ্য সামগ্ৰীৰ কিমান মূল্য সেয়া বিশেষ পৰ্যৱেক্ষণ তথা ব্যৱসায় আৰু বিভাগক সুধি প্ৰকাশ কৰি আহিছে ৷’

সেই তালিকা অনুসৰি আন চহৰতকৈ বহু কেইটা সামগ্ৰীৰ দাম আমাৰ অসমৰ বহু চহৰত কম ৷ কিছুদিন পূৰ্বে পিঁয়াজৰ যি মূল্য আছিল এতিয়া কমি আহিছে ৷ এয়া নিৰ্ভৰ কৰে উৎপাদন আৰু পৰিবহণৰ ওপৰত ৷ গতিকে ঠাই বিশেষে সামগ্ৰীৰ মূল্য কম – বেছি হয় ৷ কিন্তু মূল্যবৃদ্ধি অকল অসমতে হোৱা নাই সমগ্ৰ দেশতে হৈছে ৷ মই মূল্যবৃদ্ধি হোৱা নাই বুলি নকও ,কিন্তু আমাৰ দেশত যিহাৰত মূল্যবৃদ্ধি হৈছে তাৰ লগত আমাৰ সামঞ্জস্যটো আছে ৷ অসমত অতিপাত মূল্যবৃদ্ধি হোৱা নাই ৷’

আনহাতে উপ নিৰ্বাচনত বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত্তোৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে মই এতিয়া ৰাজ্যিক সভাপতি নহওঁ ৷ কিন্তু কাৰ্যকৰ্তা হিচাপে মোৰ যিটো অনুভৱ বিপিএফ আহিলে, উইপিপিএল নোহোৱা হ’ব ৷ গতিকে এটা দলৰ লগত যিহেতু আমাৰ মিত্ৰতা হৈ আছে সেই হিচাপে মই এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে জানো যে এতিয়া যিহেতু ইউপিপিএল আৰু অসম গণ পৰিষদৰ লগত আমাৰ মিত্ৰ দলৰ চৰকাৰ চলি আছে ,গতিকে ইউপিপিএলে যদি বিপিএফক গ্ৰহণ কৰে তেতিয়াহলে এই কথাটো ইউপিপিএলৰ পৰা চিগনেলটো আহিব লাগিব ৷ আমাৰ চিগনেলৰ জৰিয়তে নহ’ব ৷

আনহাতে জিএচপিৰ লগত মিত্ৰতা হ’ব নেকি বুলি সোধাত মন্ত্ৰীগৰাকীয়ে সম্ভাৱনা আছে বুলি কৈ সকলো বিষয় ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয় ৷ সেইদৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আই চি ইউ কক্ষ মুকলি নকৰা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত  মন্ত্ৰীগৰাকীয়ে কয় যে যাৱতীয় কাম চলি আছে ৷

তেওঁ লগতে কয় যে বাজেটত বঙাইগাঁও জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰাৰ পিছত মুখ্যমন্ত্ৰী ,স্বাস্থ্যমন্ত্ৰী, বিধায়ক ফণীভূষণ চৌধুৰীক ধন্যবাদহে জনাব লাগিছিল ৷ গতিকে য’ত চিকিৎসা মহাবিদ্যালয় হৈ আছে তেনেক্ষেত্ৰত আই চি ইউয়ে হওক বা আন যাৱতীয় যিমানখিনি কাম কাজ আছে সেইখিনি হ’ব ৷আনহাতে তেওঁৰ লগতে থকা বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয় যে আই চি ইউৰ কাম সম্পূৰ্ণ হৈছে কেৱল মুকলি কৰিবলৈ বাকী আছে ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd