NORTHEAST NOW (Assamese)

ছলমান খানক হত্যাৰ ভাবুকি নিজকে গো ৰক্ষক বুলি পৰিচয় দিয়া ১৬ বছৰীয়া কিশোৰৰ

April 11, 2023 7:08 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 11, 2023 7:10 pm

পুনৰ হত্যাৰ ভাবুকি লাভ কৰিছে বলিউডৰ ছুপাৰষ্টাৰ ছলমান খানে।

অভিযোগ অনুসৰি, ফোন কলৰ জৰিয়তে এটি ১৬ বছৰীয়া কিশোৰে হত্যাৰ ভাবুকি প্ৰদান কৰিছে ছলমান খানক। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে কিশোৰজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

তথ্য অনুসৰি যোৱা ১০ এপ্ৰিলত মুম্বাই আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ ফোন কৰি ছলমান খানক হত্যা কৰাৰ ভাবুকি দিছিল কিশোৰগৰাকীয়ে। ইতিমধ্যে ভাবুকি দিয়া কিশোৰজন ৰাজস্থানৰ যোধপুৰৰ ৰকি ভাই বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

লগতে পঢ়কঃ গীনিজ বুকত স্থান পোৱা কেইটামান আচৰিত ৰেকৰ্ড : জানিলে চকু কপালত উঠিব আপোনাৰ

ৰকি ভাই নামৰ কিশোৰজনে ফোন কলত গো সুৰক্ষা মঞ্চৰ কৰ্মকৰ্তা বুলি পৰিচয় দি ছলমান খানক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল। কিশোৰজনে এই ভাবুকি কিয় আৰু কাৰ কথা প্ৰৰোচনাত প্ৰদান কৰিছে সেই কথা জানিবলৈ তদন্ত আৰম্ভ কৰিছে মুম্বাইৰ আৰক্ষীৰ দলে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা ২৬ মাৰ্চত ৰাজস্থানৰ যোধপুৰ জিলাৰ লুনিৰ বাসিন্দা ঢাকাদ ৰাম নামৰ এজন ব্যক্তিয়ে মেইলযোগে ছলমানক হত্যাৰ ভাবুকি দিছিল। আৰক্ষীয়ে ইতিমধ্যেই ভাবুকি প্ৰদান কৰা ঢাকাদক গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়কঃ নিজে গো হত্যা কৰি মুছলমান যুৱকক ফচাই দিলে হিন্দু মহাসভাৰ নেতাই

ছুপাৰষ্টাৰগৰাকীয়ে জনোৱা মতে ছলমান খানৰ অৱস্থা সিদ্ধু মুছেৱালাৰ দৰে হ’ব বুলি মেইলত উল্লেখ কৰিছিল ভাবুকি প্ৰদান কৰা যুৱকজনে।

ভাবুকিৰ ধাৰণা মূল্যায়ন কৰাৰ পিছত মুম্বাই আৰক্ষীয়ে অভিনেতাজনক ৱাই প্লাছ কেটেগৰী নিৰাপত্তা প্ৰদান কৰিছিল আৰক্ষী বিভাগে।

লগতে পঢ়কঃ মূৰ পোলকা মাৰিলে নহ’ব, টকা লাগে! প্ৰাপ্য ধন বিচাৰি ইলন মাস্কৰ বিৰুদ্ধে টুইটাৰৰ প্ৰাক্তন চিইঅ’ৰ গোচৰ

 

Related News