চুবুৰীয়াৰ দমকলৰ পৰা পানী আনিবলৈ যোৱাৰ সময়তে কিশোৰীক দলবদ্ধ ধৰ্ষণ: দুই অভিযুক্তক গ্ৰেপ্তাৰ

minor girl gangraped

দেশত ক্ৰমবৰ্ধমান ধৰ্ষণৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে সংঘটিত হোৱা আন এক ধৰ্ষণকাণ্ডই জোকাৰি গৈছে পশ্চিম বংগ। নিশা চুবুৰীয়াৰ ঘৰৰ দমকলৰ পৰা পানী আনিবলৈ যোৱাৰ সময়তে অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছে দুই দুৰ্বৃত্তই।

এই লজ্জাজনক ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ পুৰবা বৰ্ধমান জিলাৰ কাটৱা অঞ্চলত। প্ৰকাশিত খবৰ অনুসৰি, যোৱা দেওবাৰে কাটৱাৰ শ্ৰীখণ্ড গাঁৱত দুৰ্বৃত্তৰ কামনাৰ বলি হৈছে এগৰাকী ১৪ বৰ্ষীয় জনজাতীয় কিশোৰী।

দেওবাৰে নিশা প্ৰায় ৮ বজাত কিশোৰীগৰাকীয়ে চুবুৰীয়াৰ দমকলৰ পৰা পানী আনিবলৈ গৈছিল। সেই সময়তে দুই দুৰ্বৃত্তই কিশোৰীগৰাকীক পিছফালৰ পৰা মুখত সোপা মাৰি ধৰে আৰু এক নিৰ্জন স্থানলৈ টানি নি ধৰ্ষণ কৰে। ধৰ্ষণৰ পাছত দুই দুৰ্বৃত্তই এই ঘটনাৰ বিষয়ে কাকো নকবলৈ কিশোৰীগৰাকীক ভাবুকি দিয়ে।

ইফালে ধৰ্ষণৰ পাছদিনাৰ পৰাই অসুস্থ অনুভৱ কৰা কিশোৰীগৰাকী মঙলবাৰে গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পিছত নিজৰ মাকক এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে তেওঁ কাটৱা আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

এই অভিযোগ পোৱাৰ পিছতে বুধবাৰে আবেলি আৰক্ষীয়ে অভিযুক্ত দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে। ধৃত দুই অভিযুক্তৰ এগৰাকী বিবাহিত যুৱক আৰু আন এগৰাকী কিশোৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে। দুই অভিযুক্ত ধৰ্ষিতা কিশোৰীগৰাকীৰ একেটা চুবুৰীৰে বাসিন্দা।

ইফালে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব দাসে জানিবলৈ দিয়া মতে অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে পকচো (POCSO) আইনৰ অধীনত ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে। বুধবাৰে কিশোৰীগৰাকীৰ গোপন বিবৃতি আদালতত লোৱা হৈছে বুলি মন্তব্য কৰি বিষয়াগৰাকীয়ে ঘটনাৰ পুংখানুপুংখ তদন্ত চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে।