মধ্যপ্ৰদেশৰ সতনা জিলাত এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত মন্দিৰ পৰিচালনা ন্যাসৰ দুগৰাকী কৰ্মীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বৃহস্পতিবাৰে মধ্য প্ৰদেশৰ মাইহাৰ চহৰত সংঘটিত হোৱা এই ঘটনা শুকুৰবাৰে পোহৰলৈ আহে ।
আৰক্ষীৰ তথ্য অনুসৰি বিখ্যাত সাৰাদা মন্দিৰৰ আশে-পাশে দুজন পুৰুষৰ কামনাৰ বলি হৈছিল ১২ বছৰীয়া কিশোৰীগৰাকী।
ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীৰ মতে, ছোৱালীজনীৰ শৰীৰত অসংখ্য দাঁতৰ দাগ আছে।
জানিব পৰা মতে, ভুক্তভোগী শিশুটিৰ যৌনাংগত কঠিন বস্তু সুমুৱাই দিয়াৰ পিছতো ধৰ্ষণ কৰা হৈছিল। ফলত যথেষ্ট ৰক্তপাত হৈছিল। অত্যধিক ৰক্তক্ষৰণৰ বাবে স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী।
আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্ত ধৰ্ষণকাৰী দুটা হৈছে ৰবীন্দ্ৰ কুমাৰ ৰবি আৰু অতুল বদলীয়া। সতনাৰ আৰক্ষী অধীক্ষক আশুতোষ গুপ্তাই অভিযুক্তৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। দুয়োৰে বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে। লগতে POCSO আইনৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে।
শুকুৰবাৰে স্থানীয় আদালতত হাজিৰ কৰোৱা হয় দুই অভিযুক্তক। ইয়াৰ পিছতে ১৪ দিনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে দুই পাষণ্ডক।
আনহাতে, মা সাৰদা মন্দিৰ কমিটীয়েও এক বিবৃতি প্ৰকাশ কৰিছে। শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৰবি আৰু বদলীয়াক বৰ্খাস্ত কৰা হৈছে বুলিও জানিবলৈ দিয়ে।
স্থানীয় লোকে জনোৱা মতে, অভিযুক্তই ভুক্তভোগীক প্ৰলোভিত কৰি নিৰ্জন স্থানলৈ লৈ যায়। তাতে এই জঘন্য কাণ্ড সংঘটিত কৰে।