শিৱসাগৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ অপহৰণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
কিশোৰী গৰাকীক বলপূৰ্বকভাৱে শিৰত সেন্দুৰ লগাই এটা লম্পটে ধৰ্ষণৰ চেষ্টা কৰে বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।
ইপিনে, আৰক্ষীৰ বিৰুদ্ধেও ধন বিচাৰি ভুক্তভোগী পৰিয়ালক আতিসায্য চলোৱাৰ অভিযোগ উঠিছে।
ভুক্তভোগী কিশোৰী গৰাকীয়ে জনোৱা মতে, বিগত ৯ আগষ্টত সন্ধিয়া ৫.৩০ মান বজাত ঘৰৰ পৰা দোকানলৈ গৈ থকা অৱস্থাত বাস্তৱ গগৈ নামৰ এটা লম্পটে বসন্ত গগৈ আৰু এজন সহযোগীৰ সহায়ত এখন বগা ৰঙৰ মেজিকত বলপূৰ্বকভাৱে তুলি লৈ যায় আৰু এটা মন্দিৰত বাস্তৱ গগৈ নামৰ লম্পটটোৱে শিৰত সেন্দুৰ দিয়ে আৰু পৰৱৰ্তী সময়ত গাড়ীৰ ভিতৰতে শাৰিৰীক সম্পৰ্ক কৰিবলৈ চেষ্টা কৰে।
কিশোৰীগৰাকীয়ে লম্পট বাস্তৱ গগৈৰ কবলৰ পৰা মুক্তহৈ গাড়ীৰ পৰা জপিয়াই নিজৰ সতীত্ব ৰক্ষা কৰিবলৈ সক্ষম হয়।
ইয়াৰ পিছতে ভূক্তভোগী পৰিয়ালয়টোৱে ১০ আগষ্টত চেৰেকাপাৰ আৰক্ষী চকীত বাস্তৱ গগৈ আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
ঘটনাৰ তদন্ত কৰিবলৈ আৰু কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষা তথা আদালতলৈ নিবলৈ চেৰেকাপাৰ আৰক্ষীয়ে কিশোৰী গৰাকীৰ পৰিয়ালৰ পৰা গাড়ী ভাৰা আৰু চাহ খোৱাৰ বাবে টকা বিচাৰে।
কিশোৰী গৰাকীৰ মাতৃয়ে তেওঁৰ ওচৰত ইমান টকা নাই বুলি কোৱাত ‘অকাড নাই যদি কিয় কেছ খেলিছ’ বুলি ধমক দিয়ে চেৰেকাপাৰ আৰক্ষী চকীৰ আইচি মহেন্দ্ৰ নাথ বৰাই।
আনহাতে, আৰক্ষীয়ে বাস্তৱ গগৈক জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও আন দুজন অপৰাধীক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই।
ঘটনাৰ সন্দৰ্ভত সৰব হৈ পৰিছে ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকা। হাজৰিকাই দোষীক উপযুক্ত শাস্তি বিহাৰ লগতে দুখীয়া পৰিয়ালটিৰ পৰা গাড়ী ভাৰাৰ নামত ধন বিচৰা চেৰেকাপাৰ আৰক্ষী চকীৰ বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।