‘আলী’ক বাদ দি ‘কুলী’ক লৈ ৰাজনীতি কৰিছে বিজেপিয়ে : মীৰা বৰঠাকুৰ

Mira-Barthakur

মীৰা বৰঠাকুৰ। ফাইল ফটো

‘চাহ জনগোষ্ঠীৰ জনসাধাৰণৰ মাজত শিক্ষাৰ পোহৰ পৰিব নিদিয়ে চৰকাৰে। কাৰণ কংগ্ৰেছৰ দিনত ‘আলী আৰু কুলী’ক লৈ ৰাজনীতি কৰিছিল, এতিয়া বিজেপি চৰকাৰে সেই একে নীতিৰে ৰাজনীতি কৰিছে। বিজেপিয়ে আলীক বাদ কৰি কুলীক লগত লৈ ভোটৰ ৰাজনীতি কৰাৰ ব্যৱস্থা কৰিছে।‘ গোলাঘাটৰ শালমাৰী চাহবাগিছাত বিষাক্ত চুলাই মদ খাই ডেৰ শতাধিক লোকে মৃত্যুক আকোৱালি লোৱাৰ পাছতে বিজেপি চৰকাৰক কটাক্ষ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিজেপিৰ পৰা বহিস্কৃত নেত্ৰী মীৰা বৰঠাকুৰে।

তদুপৰি, এনে এটা ঘটনাৰ পাছত কামাখ্যা প্ৰসাদ তাছা আৰু ৰামেশ্বৰ তেলী নিজৰ জনগোষ্ঠীটোৰ প্ৰতি কিমান দায়বদ্ধ বুলিও বৰঠাকুৰে প্ৰশ্ন কৰে।

তেওঁ আৰু কয়, ‘সেয়াও এক চিন্তনীয় বিষয়। চাহ জনগোষ্ঠীৰ লোকখিনি চুট-বুট পিন্ধি ফিটিং হ’লে তেওঁলোকৰ নেতৃত্বক নমনা হ’ব। গতিকে তেওঁলোকক শিক্ষা-দীক্ষা দি তেওঁলোকৰ পৰ্য্যায়লৈ অনাটো কোনো ৰাজনৈতিক নেতাই নিবিচাৰে।‘

ইপিনে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অতীতৰে পৰা চলি অহা সুৰা পৰম্পৰা বন্ধ কৰাটো একেবাৰে সম্ভৱ নহয় বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

‘সুৰা আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতলৈয়ো থাকিব। সমগ্ৰ উত্তৰ-পূবত সুৰা বন্ধ কৰাটো সম্ভৱ নহয়। কিন্তু চৰকাৰখনে ৰাজহ বৃদ্ধিৰ স্বাৰ্থত গলিয়ে গলিয়ে সুৰাৰ সুলভ বেপাৰ মেলি দিলে,’’-বৰঠাকুৰে কয়।

তেওঁ লগতে কয়, ‘’তেওঁলোকে সুৰাৰ পৰা ৰাজহ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিছে, লাগিলে সুৰা খাই মানুহ পাগল হওঁক, ঘৰ-সংসাৰ ভাঙি যাওঁক, মৃত্যু হওঁক। তাতকৈ দুৰ্ভাগ্যজনক তথা অদূৰদৰ্শী চিন্তাধাৰা থাকিব পাৰে বুলি মই কেতিয়াও নাভাবো।‘’

তাৎপয্যপূৰ্ণভাৱে, নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধে যিমান ক’লেও নিৰ্বাচনৰ ধামখুমীয়াত ৫০০-১০০০ টকা আৰু মদৰ বটলত একাকাৰ হৈ নিজকো বিক্ৰী কৰে বুলি আমাৰ আগত ব্যক্ত কৰে মীৰা বৰঠাকুৰে।

‘গতিকে ৰাজনৈতিক নেতা আৰু জনসাধাৰণ সমানে জগৰীয়া। ৰাজনীতি কৰাৰ সুযোগটো ভোটাৰে দি থাকিলে ৰাজনৈতিক নেতাই ৰাজনীতি কৰিয়েই থাকিব। ৰাইজ সজাগ হ’ব লাগিব,‘-এইদৰে কয় বৰঠাকুৰে।

আনহাতে, কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা আৰু সুৰা ট্ৰেজেদিত বৃহৎ সংখ্যক লোকে মৃত্যুক সাবটি লোৱাৰ পাছতো বিষয়কেইটা বিজেপি চৰকাৰে গুৰুত্বসহকাৰে লোৱা নাই বুলি এক অভিযোগ তোলে বৰঠাকুৰে।

‘ইমানখিনি হৈ যোৱাৰ পাছতো বিজেপি দলে সভা-সমিতি, ৰেলী সকলো চলাই আছে। কাৰোৱেই গুৰুত্বটো দেখা পোৱা নাই,‘ আমাৰ সাংবাদিকৰ আগত এইদৰে কয় বৰঠাকুৰে।

ইপিনে, আজিৰ দিনত ৰাজনৈতিক সুস্থ বাতাবৰণ একেবাৰে নাইকীয়া হৈ গৈছে বুলি উল্লেখ কৰি বৰঠাকুৰে কয়, ‘মানুহৰ প্ৰতি থাকিবলগীয়া মানুহৰ সহানুভুতি একেবাৰ নাইকীয়া হৈ গৈছে।‘

তদুপৰি, বৰঠাকুৰে আৰু কয় ‘ধনী তথা বণিক শ্ৰেণীৰ প্ৰতি সমাজখন ধাৱমান হৈছে। নিম্ন শ্ৰেণীৰ খাটি খোৱা মানুহখিনিৰ কাৰণে কোনো দায়বদ্ধ যেন নালাগে।‘