NORTHEAST NOW (Assamese)

শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ শিক্ষাগত প্ৰমাণ পত্ৰত বিসংগতি ! সৰৱ কংগ্ৰেছ

March 14, 2021 4:40 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকোঁৱৰীৰ বিৰুদ্ধে শিক্ষাগত প্ৰমাণ পত্ৰত বিসংগতি থকাৰ অভিযোগ  উত্থাপন কৰিছে কংগ্ৰেছে।

এই বিস্ফোৰক অভিযোগ কৰিছে শিৱসাগৰ জিলা কংগ্ৰেছৰ আইন বিভাগৰ অধ্যক্ষ বিদ্যুৎ গগৈয়ে।

আজি এক সংবাদ মেলত সাংবাদিকৰ আগত তথ্য সহকাৰে এই অভিযোগ  উত্থাপন কৰে বিদ্যুৎ গগৈয়ে।

২০১৬ ৰ নিৰ্বাচনত মনোনয়ন দাখিলৰ সময়ত শপতনামাত সুৰভী ৰাজকুঁৱৰীয়ে শিক্ষাগত অৰ্হতা  হিচাবে ২০১৫ চনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ বুলি উল্লেখ কৰিছিল।

কিন্তু ২০২১ ৰ নিৰ্বাচনত পুনৰ প্ৰাৰ্থিত্ব লাভ কৰা সুৰভী ৰাজকুঁৱৰীয়ে শিক্ষাগত অৰ্হতা হিচাবে  একেখন বিশ্ববিদ্যালয়ৰ পৰা ২০১৬ চনত স্নাতক উত্তীৰ্ণ বুলি মনোনয়ন সৈতে  দাখিল কৰা  শপতনামাত উল্লেখ কৰে।

কংগ্ৰেছ দলে এই সম্পৰ্কত নিৰ্বাচনী বিষয়াক অৱগত কৰিব বুলি কোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কৈছে।

Related News