• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভৰিৰে ডিঙি গচকি বোৱাৰীয়েকক নৃশংস হত্যাৰ চেষ্টা ব্ৰিটেইনৰ কুইন এলিজাবেথৰ! সঁচাকৈয়েনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2021 4:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হজৰত মহম্মদৰ কাৰ্টুন প্ৰকাশ কৰি কিছু বছৰ পূৰ্বে বিতৰ্কত সোমাই পৰা ফ্ৰান্সৰ ব্যংগাত্মক আলোচনী ‘চাৰ্লী হেবডো’ পুনৰ চৰ্চালৈ আহিছে।

মহম্মদ নহয়, এইবাৰ আলোচনীখনৰ তীক্ষ্ন ব্যংগৰ চিকাৰ হৈছে ব্ৰিটেইনৰ ৰাণী কুইন এলিজাবেথ।

Apply Now

আলোচনীখনৰ বেটুপাতত প্ৰকাশ কৰা কাৰ্টুনটোত কুইন এলিজাবেথেে তেওঁৰ সোঁভৰিৰে সৰু বোৱাৰী তথা হলিউডৰ অভিনেত্ৰী মেগান মাৰ্কলেৰ ডিঙিত গচকি আছে, অৰ্থাৎ নৃশংসভাৱে হত্যাৰ চেষ্টা কৰিছে।

শুকুৰবাৰে প্ৰকাশ পোৱা আলোচনীখনৰ বেটুপাতত হেডলাইন হিচাপে লিখা হৈছে- ”মেগানে কিয় বাকিংহাম এৰি আহিছিল?”

তাৰ উত্তৰস্বৰূপে কাৰ্টুনটোত মেগানে কৈছে- ”কাৰণ, মই তাত উশাহ ল’ব নোৱাৰিছিলো।”

 

উল্লেখযোগ্য যে ”I can’t breathe” শীৰ্ষক শ্লোগানটো হৈছে যোৱা বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ঘটি যোৱা ”Black Lives Matter” নামৰ বৰ্ণবিদ্বেষবিৰোধী আন্দোলনৰ  এটা শ্লোগান।

জৰ্জ ফ্লয়ড (৪৬) নামৰ এজন কৃষ্ণাংগ লোকে যোৱা বছৰ মে’ মাহত ডেৰেক চৌৱিন নামৰ এজন শ্বেতাংগ আৰক্ষী বিষয়াৰ হাতত বৰ্ণবিদ্বেষৰ বলি হৈ মৃত্যু হোৱাৰ সময়ত তেওঁ এইদৰে মুখেৰে কৈছিল।

পুলিচ বিষয়াজনে প্ৰায় ৯ মিনিট সময় ফ্লয়ডৰ ডিঙিটো কাৰ্টুনখনত উপস্থাপন কৰাৰ দৰেই গচকি হত্যা কৰি আছিল।

যাৰ ফলত ফ্লয়ডে কেঁকাই কেঁকাই কৈ উঠিছিল- I can’t breathe!

পাছত পুলিচ বিষয়াজনক থাৰ্ড ডিগ্ৰী মাৰ্ডাৰৰ শাস্তি স্বৰূপে কাৰাবন্দী কৰা হয়।

তাৰ পাছতে ”I can’t breathe” শীৰ্ষক শ্লোগানটো বৰ্ণবিদ্বেষৰ প্ৰতিবাদত ব্যৱহাৰ হৈ আহিছে।

এইবাৰ চাৰ্লি হেবডোৱে মেগান মাৰ্কলেৰ স’তে এই শ্লোগানটো ব্যৱহাৰ কৰিছে।

উল্লেখযোগ্য যে, কিছুদিন আগতে এটা জনপ্ৰিয় টিভি ইণ্টাৰভিউত ব্ৰিটিছ ৰাজপৰিয়ালৰ বৰ্ণবিদ্বেষ সম্পৰ্কে কুইন এলিজাবেথৰ পুত্ৰ প্ৰিন্স হেৰীৰ পত্নী মেগান মাৰ্কলেয়ে অৱগত কৰিছিল।

বৰ্তমান গৰ্ভাৱস্থাত থকা মাৰ্কলেয়ে কৈছিল যে তেওঁৰ আহিবলগা সন্তানৰ ছালৰ ৰং সম্পৰ্কে ৰাজপৰিয়ালটোৱে সন্দেহ প্ৰকাশ কৰিছে, কাৰণ মাৰ্কলে এগৰাকী কৃষ্ণাংগ মহিলা।

ব্ৰিটিছ ৰাজপৰিয়ালত মাৰ্কলে প্ৰথমগৰাকী সদস্য, যি শ্বেতাংগ নহয়।

তদুপৰি, ব্ৰিটিছ ৰাজপৰিয়ালে তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰাৰো অভিযোগ তেওঁ তুলিছিল।

চাৰ্লি হেবডোৰ কাৰ্টুনটোত জৰ্জ ফ্লয়ড হত্যাকাণ্ডটোৰ স’তে মেগান আৰু ৰাজপৰিয়ালৰ বিষয়টোক একেলগ কৰা হৈছে।

চাৰ্লি হেবডোৰ উক্ত কাৰ্টুনটোৱে চচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

কিছুৱে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি কৈছে প্ৰকৃত ঘটনাটো আলোচনীখনে বিকৃত উপস্থাপন কৰিছে।

আন কিছুৱে ইয়াক কৌতুক হিচাপে লৈ কৈছে যে ইয়াৰ দ্বাৰা বৰ্ণবিদ্বেষৰ প্ৰতিবাদ কৰা হৈছে।

উল্লেখযোগ্য যে, ফ্ৰান্সৰ এখন বাওঁপন্থী ব্যংগ আলোচনী চাৰ্লি হেবডোই বিভিন্ন ৰাজনৈতিক-সামাজিক বিষয়ক কাৰ্টুনৰ দ্বাৰা উপস্থাপন কৰি আহিছে।

২০১৫ চনত আলোচনীখনৰ  বেটুপাতত হজৰত মহম্মদৰ কাৰ্টুন প্ৰকাশ কৰা বাবে সম্পাদক, কাৰ্টুনিষ্টকে ধৰি ১১জনকৈ লোকক ইছলামিক উগ্ৰবাদীয়ে হত্যা কৰা হৈছিল।

হত্যাকাণ্ডটোৰ উপৰিও আলোচনীখনৰ পেৰিছস্থিত মুখ্য কাৰ্যালয়ো আক্ৰমণ কৰা হৈছিল।

তৎসত্বেও আলোচনীখনে পাছৰ বছৰ পুনৰ কাৰ্টুনটো প্ৰকাশ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd