DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰেমৰ প্ৰস্তাৱ দি সাৱটি ধৰাৰ বাবে বিশ্ববিদ্যালয়ৰ পৰা নিলম্বিত হ’ল এহাল ছাত্ৰ-ছাত্ৰী, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2021 5:26 pm
334
VIEWS
Share on FacebookShare on Twitter

এহাল ছাত্ৰ-ছাত্ৰীয়ে দুয়ো দুয়োকে সাৱটা-সাৱটি ধৰি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে দুয়ো শাস্তিৰ সম্মুখীন হৈছে।

ঘটনাটো পাকিস্তানৰ লাহোৰ বিশ্ববিদ্যালয়ৰ।

দেশখনৰ শীৰ্ষস্থানত থকা বিশ্ববিদ্যালয়খনৰ চৌহদত এহাল ছাত্ৰ-ছাত্ৰীয়ে প্ৰেম কৰাৰ বাবে তেওঁলোকক পাঠ্যক্ৰমৰ পৰা নিলম্বন কৰা  হৈছে।

সাৱটি ধৰি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱাৰ মুহূৰ্তটো ৰেকৰ্ড কৰি থোৱা আছিল আৰু চ’ছিয়েল মিডিয়াত ঘটনাটো ভাইৰেল হৈ পৰিছে।

বৃহস্পতিবাৰে, ভিডিঅ’টোত দেখোৱা মতে, বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰীয়ে এজন সহপাঠী ছাত্ৰক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়।

প্ৰেমৰ প্ৰস্তাৱটো আগবঢ়াওতে তাই নতজানু হৈ আছিল আৰু হাতত আছিল গোলাপৰ এটা থোপা।

ছাত্ৰজনে ফুলৰ থোপাটো হাতত লয় আৰু ছোৱালীজনীক সাৱটি ধৰে।

কাষতে থকা তেওঁলোকৰ সহপাঠীসকলে উল্লাসত চিঞৰি উঠে।

The University of Lahore has expelled both students Hadiqa Javed and Shehryar Ahmed for embracing, giving flowers and presenting each other on the campus.

What’s your take on Proposal? #UniversityOfLahore #proposal pic.twitter.com/KLILurngBi

— Hamza Javed (@hamzajaved261) March 12, 2021

ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰো চকুত পৰে।

শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই বিষয়টো সম্পৰ্কত আলোচনা কৰিবলৈ ছাত্ৰ-ছাত্ৰীহালক মাতি পঠায়।

কিন্তু তেওঁলোকে তাত উপস্থিত নহ’ল।

তাৰপাছতে, কৰ্তৃপক্ষই দুয়োগৰাকীকে বিশ্ববিদ্যালয়ৰ চৌহদত নিষিদ্ধ আৰু নিলম্বন কৰে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, বিশ্ববিদ্যালখনৰ কৰ্তৃপক্ষই জনাইছে যে চৌহদৰ ভিতৰত দুয়ো অশোভনীয় আচৰণ আৰু বিশ্ববিদ্যালয়ৰ নীতি-নিৰ্দেশনা ভংগ কৰিছে।

বিশ্ববিদ্যালয়খনৰ ‘জেনেৰেল ডিচিপ্লিন এণ্ড কড অৱ কণ্ডাক্ট অন দ্যা কেম্পাছ’ৰ ৯ আৰু ১৬ নম্বৰ ধাৰাৰ মতে এই সিদ্ধান্ত লোৱা হৈছে।

নেটিজেনসকলে চ’চিয়েল মিডিয়াযোগেৰে বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তক গৰিহণা জনাইছে।

Ridiculous. https://t.co/DxVGXVpdqq

— Bakhtawar B-Zardari (@BakhtawarBZ) March 13, 2021

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৰ কন্যা বাখটাৱাৰ ভুট্টো-জৰ্দাৰীয়ে কয় যে বিশ্ববিদ্যালয়খনে লোৱা সিদ্ধান্তটো হাস্যকৰ।

প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ ৱাচিম আক্ৰামৰ পত্নী ছানিয়েৰা আক্ৰামেও টুইট কৰি কয় যে বিশ্ববিদ্যালয়তে নীতি-নিৰ্দেশনা জাপি দিলেও প্ৰেমক কেতিয়াও নিলম্বন কৰিব নোৱাৰি।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd