কলিয়াবৰৰ হাতীগাওঁ চাহ বাগিচাত বৃদ্ধাৰ ঘৰত অগ্নি সংযোগ দুৰ্বৃত্তৰ

কলিয়াবৰৰ হাতীগাওঁ চাহ বাগিচাৰ ১৭ নম্বৰত চাঞ্চল্যকৰ ঘটনা।

অকলশৰীয়া বৃদ্ধাৰ ঘৰত অগ্নি সংযোগ দুৰ্বৃত্তৰ। নিশা অগ্নি সংযোগ বিবি হাৱা নামৰ বৃদ্ধা গৰাকীৰ গোহালিত। জুইত জাহ যায় গোহালিটো। এই ঘটাত মৃত্যু ঘটে চাৰিটাকৈ পশুধনৰ। আহত হয় দুটাকৈ গৰু।

উল্লেখযোগ্য যে যোৱা ১৬ ছেপ্তেম্বৰৰ নিশাও দুৰ্বৃত্তই অকলশৰীয়া বৃদ্ধা গৰাকীৰ ঘৰত প্ৰৱেশ কৰি খাহী ছাগলী এটা লৈ গৈছিল।

ইয়াৰ পিছতে যোৱা মংগলবাৰে পুনৰ দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি বিবি হাৱাৰ ম’বাইল, টকা পইচা লুট কৰি লৈ যোৱাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল।

অকলশৰীয়া বিবি হাৱাই ওচৰ চুবুৰীয়াক সমগ্ৰ ঘটনা অৱগত কৰাৰ পিছত যোৱা নিশা অচিনাকি দুৰ্বৃত্তই বিবি হাৱাৰ গোহালি ঘৰটোত অগ্নি সংযোগ কৰে।

অৱশ্যে অগ্নিকাণ্ডৰ ঘটনা নিশাই আৰক্ষীক অৱগত কৰাত নিশাই ঘটনাস্থলীত মিছা আৰক্ষী চকীৰ আৰক্ষী বিষয়া মণি কান্ত সজাতি সহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

বৰ্তমানেও সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত আছে।