• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইত চলন্ত গাড়ীত যাত্ৰীক নিচাযুক্ত দ্ৰব্য খুৱাই লুটিলে নগদ ধন

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , November 6, 2018 11:17 pm

2 min read

Krishnai
776
VIEWS
Share on FacebookShare on Twitter

অচিনাকি লোকৰ ব্যক্তিগত বাহত ভ্ৰমণ কৰাৰ পৰা বিৰত থাকক, অন্যথা বিপদত পৰিব পাৰে আপুনি৷ গোৱালপাৰাৰ কৃষ্ণাইত আজি সংঘটিত তেনে এক ঘটনাত দুৰ্বৃত্তই এজন ব্যক্তিৰ পৰা লুটি নগদ ধন৷

ঘটনা অনুসৰি আজি গুৱাহাটীৰ পৰা গোৱালপাৰালৈ যাত্ৰী কৰিঢ়াই অনা এখন ব্যক্তিগত বাহনত কৃষ্ণাইৰ টেঙাবাৰীৰ এজন লোকক নিচাযুক্ত দ্ৰব্য খুৱাই গাড়ীখনৰ চালককে ধৰি দুজন লোকে লুটি নিলে নগদ ২২ হাজাৰ টকা। পিছত অচেতন অৱস্থাত সন্ধিয়া কৃষ্ণাইৰ বেকীপুলৰ পৰা আৰক্ষীয়ে লোক জনক উদ্ধাৰ কৰে।

জানিব পৰা মতে কৰ্মসূত্ৰে যোৰহাটত থকা জিয়াৰুল ইছলামে নিজৰ আত্মীয়ৰ বেমাৰৰ খবৰ পাই যোৰহাটৰ পৰা ঘৰলৈ বুলি অহাৰ পথত গুৱাহাটীৰ আই এছ বি টিত গোৱালপাৰাৰ বাছৰ বাবে ৰৈ আছিল৷ সেই সময়তে তাত বাছ নথকাৰ সুযোগ বুজি এখন এ এছ ০১ এ এক্স ৬৮২০ চুইফ ডিজায়াৰত থকা দুজন লোকে তেওঁক ক’লৈ যাব বুলি সুধে আৰু তেওঁলোক গোৱালপাৰালৈ যাব বুলি জানি জিয়াৰুল ৰহমান গাড়ীখনত উঠি দিয়ে।

ইয়াৰ পিছতে সুযোগ বুজি লোক দুজনে জিয়াৰুল ৰহমানক নিচাযুক্ত দ্ৰব্য খুৱাই তেওঁৰ পৰা নগদ ২২ হাজাৰ টকা লুটি ৰহমানক কৃষ্ণাইৰ বেকীপুলত পেলাই থৈ যায়।

অৱশ্যে ঘটনাৰ খবৰ লাভ কৰি কৃষ্ণাই আৰক্ষীয়ে অতি তৎপৰতাৰে ৰহমানক উদ্ধাৰ কৰি গাড়ীখনৰ সৈতে ঘটনাত জড়িত লোক দুজনক কৃষ্ণাইৰ মোলানডুবীত আটক কৰে। আটককাধীন লোক দুজনক মেঘালয়ৰ তুৰাৰ তাইজুদ্দিন সেখ আৰু ধুবুৰীৰ লিয়াকত আলী বুলি চিনাক্ত কৰা হৈছে৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে৷

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd