NORTHEAST NOW (Assamese)

অঘটন! মৰিগাঁও কাৰাগাৰৰ পৰা লুঙী,বিচনা চাদৰ জোৰা দি পলায়ন ৫ কয়দীৰ

October 11, 2024 12:42 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

দুৰ্গা পূজাৰ বতৰত গভীৰ নিশা মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰে পাঁচজন কয়দীয়ে।

পলায়ন কৰা লোককেইজনৰ নাম ছৈফুদ্দিন, জিয়াৰুল ইছলাম, নুৰ ইছলাম, মাফিদুল, আৰু আব্দুল ৰছিদ।

কয়দীকেইজনে তেওঁলোকৰ বেৰেকৰ লোহাৰ ৰড ভাঙি ওলাই আহে। প্ৰায় ২০ ফুট ওখ জেলৰ দেৱাল পাৰ কৰিবলৈ কম্বল, লুঙী আৰু বিচনা চাদৰ একেলগে বান্ধি লৈছিল।

মাজনিশাৰ পৰা পুৱা ২ বজাৰ ভিতৰত পলায়ন কৰা বুলি জানিব পৰা গৈছে। মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষককে ধৰি স্থানীয় কৰ্তৃপক্ষ এই ঘটনাৰ তদন্তৰ বাবে বৰ্তমান কাৰাগাৰত আছে।

তদুপৰি কয়দীসকলে কেনেদৰে জেলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ল সেই বিষয়ে বিতং তদন্ত চলি আছে। ইফালে আৰক্ষীয়ে পুনৰ পলাতক কয়দীকেইজনৰ বিষয়ে সন্ধান কৰিবলৈ আৰম্ভ কৰিছে৷

Related News