অতুল বৰাৰ বিধায়ক আৰু মন্ত্ৰী পদ খাৰিজৰ দাবীৰে বিধান সভাৰ অধ্যক্ষলৈ মিচিং ছাত্ৰ সংগঠন টি এম পি কেৰ পত্ৰ
কৃষি মন্ত্ৰী অতুল বৰাৰ বিধায়ক তথা মন্ত্ৰী পদ খাৰিজৰ দাবীত বোকাখাতৰ মহকুমাধিপতিৰ জৰিয়তে অসম বিধান সভাৰ অধ্যক্ষলৈ সোমবাৰে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে মিচিং ছাত্ৰ সংগঠন টি এম পি কে ৰ গোলাঘাট জিলা সমিতিয়ে ৷
বোকাখাত মহকুমাৰ এলেংমাৰীৰ অঞ্চলৰ কৃষকৰ সমস্যাৰ বিষয়ে বিধায়ক গৰাকীক অৱগত কৰাৰ অপৰাধতেই অতুল বৰাই দেহৰক্ষী লগাই মিচিং ছাত্ৰ সংগঠনটোৰ গোলাঘাট জিলাৰ দুগৰাকী সদস্যক শাৰীৰিকভাৱে অপদস্থ কৰাৰ প্ৰতিবাদতেই এই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ছাত্ৰ সংগঠনটোৱে।
৬ জুনত সংঘটিত এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অতুল বৰাই ৰাজহুৱাভাৱে ক্ষমা নোখোজা পৰ্যন্ত ছাত্ৰ সংগঠনটোয়ে বোকাখাতৰ মিচিং জনগোষ্ঠী অধ্যুষিত এলেকাত স্থানীয় বিধায়ক গৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।
টি এম পি কে ৰ তৰফৰ পৰা প্ৰেৰণ কৰা আৰু ছাত্ৰ সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰসেন লইং, উপ-সভাপতি কৃষ্ণ কাৰ্ডং আৰু জিতু কুমাৰ বৰি লগতে সম্পাদক আকাশ মিলিৰ দ্বাৰা স্বাক্ষৰিত এক প্ৰেছ বিবৃতি মতে বিগত ৬ জুনত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই বোকাখাতৰ দিচৈ পঞ্চায়ত এলেকাৰ দ্ৰৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰীৰ বিলাবলৈ গৈছিল ৷
পঞ্চায়ত খনৰ ৫ নং ৱাৰ্ডত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ পাছতেই টি এম পি কেৰ সদস্য অবিনাশ পাঠৰি, নিৰাশ নিঃতমৰ নেতৃত্বৰ এটা সঁজাতি দলে অতুল বৰাক লগ ধৰি আনুষ্ঠানিকভাৱে দিচৈ অঞ্চলটোৰ বিভিন্ন সমস্যা সন্দৰ্ভত অৱগত কৰে ৷
এলেংমাৰী অঞ্চলৰ কৃষকৰ মুখৰ ভাত কাঢ়ি নিয়া এলেংমাৰী জানৰ বান্ধ স্থায়ীভাৱে নিৰ্মাণ কৰিব লাগে বুলি মন্ত্ৰী অতুল বৰাক অৱগত কৰে ৷ লগতে বান-গড়া খহনীয়াত ক্ষতিগ্ৰস্ত এলেংমাৰী অঞ্চলটোৰ কৃষকৰ সমস্যাৰ বুজ ল’বলৈ তথা পথাৰবোৰ স্ব-চক্ষে পৰিদৰ্শন কৰিবলৈও কৃষি মন্ত্ৰী হিচাবে অতুল বৰাক অনুৰোধ কৰে ৷
প্ৰেছ বিবৃত্তিত উল্লেখ কৰা মতে, এই কথাত সহাঁৰি জনোৱাৰ পৰিৱৰ্ত্তে মন্ত্ৰী অতুল বৰাই নিজৰ দেহৰক্ষী লগাই টি এম পি কেৰ সদস্য দুগৰাকীক শাৰীৰিক ভাৱে অপদস্থহে কৰে।
এই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দি বোকাখাতৰ মিচিং জনগোষ্ঠী অধ্যুষিত এলেকাত স্থানীয় বিধায়ক অতুল বৰাৰ প্ৰৱেশ টি এম পি কে ই নিষিদ্ধ কৰিছে বুলিও জনাইছে ৷ সমান্তৰালভাৱে ৰাজহুৱা সমস্যা সমাধানত পিঠি দি গুণ্ডাগিৰিত লিপ্ত হোৱা মন্ত্ৰী অতুল বৰাৰ মন্ত্ৰীত্ব তথা বিধায়ক পদ খাৰিজ কৰাৰ বাবে সংগঠনটোৱে দাবী জনায়।