কাশ্মীৰৰ ভয়ংকৰ খবৰ লৈ উভতিল সুৰজ জামাল

Suruj-Jamal-Missing Assam boy returns from J&K

সুৰজ জামাল।

চাকৰিৰ সন্ধানত জম্মু আৰু কাশ্মীৰলৈ গৈ সন্ধানহীন হৈ পৰা গুৱাহাটীৰ গাড়ীগাঁৱৰ যুৱক সুৰজ জামাল অৱশেষত ঘৰলৈ উভতি আহিল। অসম আৰক্ষীৰ প্ৰচেষ্টাত উদ্ধাৰ হোৱা সুৰজক সোমবাৰে নিশা পৰিয়ালক চমজাই দিয়ে। সুৰজৰ লগতে আৰক্ষীয়ে ওভতাই আনে তেওঁৰ লগত যোৱা এগৰাকী যুৱতীকো।

কিন্তু সুৰজে আনিছে এক ভয়ংকৰ খবৰ। অসমৰ বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী যুৱক-যুৱতী জম্মু আৰু কাশ্মীৰৰ কোনো বিশেষ স্থানত আবদ্ধ হৈ আছে। চাকৰি দিয়াৰ প্ৰলোভনেৰে অসমৰ পৰা লৈ যোৱা যুৱক-যুৱতী সকলক বন্ধি কৰি ৰাখিছে এটা দুষ্ট চক্ৰই।

“আমাক এটা কোঠাৰ ভিতৰতে তলা মাৰি বন্ধ কৰি থৈছিল, তাৰ পৰা আমাক ওলাব নিদিয়ে। প্ৰতিদিনে আমাৰ মাজৰ পৰা এজন এজনকৈ উঠাই লৈ যায় কিন্তু ক’লৈ নিয়ে আমি গম নাপাওঁ,” সংবাদ মাধ্যমৰ আগত সুৰজৰ মন্তব্য।

উল্লেখ্য যে, ১৪ জুনত চাকৰি দিয়াৰ প্রলোভনৰে ৰঙিয়াৰ পাপু নামৰ যুৱক এজনে জামালক জম্মু কাশ্মীৰলৈ লৈ যায়। জামালৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি পাপুৰ সৈতে সামৰিক বাহিনীৰ পোছাক পৰিহিত এজন লোকো আছিল।  প্ৰথমতে তেওঁলোকক দিল্লীত চাকৰি দিব বুলি কৈছিল যদিও পাছত দিল্লীৰ পৰিৱৰ্তে কাশ্মীৰলৈহে লৈ গৈছিল।

অসমৰ পৰা মুঠ ২৫জনক চাকৰিৰ প্ৰলোভনেৰে লৈ গৈছিল এই দলটোত বঙাইগাওঁ, ৰঙিয়া, গুৱাহাটী আৰু উজনি অসমৰ যুৱক-যুৱতী আছিল। জানিব পৰা মতে, দলটোত তিনিগৰাকী যুৱতীও আছিল। কিন্তু সুৰজৰ লগত এগৰাকী যুৱতীক হৈ আৰক্ষীয়ে উদ্ধাৰ কৰিব পাৰিছে।  লগতে শিৱসাগৰৰ আমগুৰিৰ তিনিজন যুৱকক আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

সুৰজ জামালৰ লগত উদ্ধাৰ হোৱা যুৱতীগৰাকীয়ে কয়, “আমাৰ লগত যোৱা ছোৱালী দুজনীক বেলেগ ঠাইলৈ লৈ গৈছিল। কিন্তু ক’লৈ নিলে আমি গম নাপালো। জানিব বিচৰোতে এজনে কিয় লাগে বুলিহে আমাক ধমক দিছিল।”

১৪ জুনত ঘৰৰ পৰা ওলাই যোৱা সুৰজ জামালৰ ২১ জুনৰ পৰা কোনো সন্ধান পোৱা যোৱা নাছিল। ইয়াৰ পাছতে তেওঁক সন্ত্ৰাসবাদী সংগঠন আইছিছত যোগদানৰ বাবে নিয়া বুলি চৰ্চা চলিছিল।