• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পথ প্ৰকল্পত দুৰ্নীতিৰ বাতৰি ফাদিল হোৱাৰ পিছতে ছত্তীশগড়ত সাংবাদিকক হত্যা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2025 12:05 pm
211
VIEWS
Share on FacebookShare on Twitter

পথ প্ৰকল্পৰ দুৰ্নীতি ফাদিল হোৱাৰ কেইদিনমান পিছতে উদ্ধাৰ হৈছে এজন যুৱ সাংবাদিকৰ মৃতদেহ। ১ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল মুকেশ চন্দ্ৰকাৰ নামৰ সাংবাদিকজন। তেওঁৰ ককায়েক যুকেশ চন্দ্ৰকাৰে আৰক্ষীৰ ওচৰত এখন নিৰুদ্দেশ ডায়েৰী দাখিল কৰে।

নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা মুকেশৰ ফোনটো চুইচ অফ হৈ আছিল। ছত্তীশগড়ৰ বিজাপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে আৰক্ষীয়ে এটা টেংকৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে সাংবাদিকগৰাকীৰ মৃতদেহ।

আৰক্ষী আৰু পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মুকেশে স্থানীয় নিউজ চেনেল এটাত কাম কৰিছিল। পথ নিৰ্মাণৰ ঠিকাদাৰ সুৰেশ চন্দ্ৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগকলৈ বাতৰি প্ৰকাশ কৰাৰ পিছৰে পৰা ঠিকাদাৰ আৰু তেওঁৰ সাংগোপাংগোসকলে তেওঁৰ সৈতে যোগাযোগ কৰিছিল।

মুকেশে বস্তাৰ জিলাত ১২০ কোটি টকাৰ এটা পথ নিৰ্মাণ প্ৰকল্পৰ দুৰ্নীতিৰ বাতৰি পৰিৱেশন কৰিছিল। তেওঁৰ এই বাতৰিৰ লগে লগে ৰাজ্য চৰকাৰে দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দিয়ে। মূলতঃ ঠিকাদাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগত তদন্ত আৰম্ভ হৈছিল।

যোৱা ১ জানুৱাৰীৰ নিশাৰ পৰা মুকেশৰ আৰু সন্ধান পোৱা হোৱা নাছিল। সেইদিনা মুকেশৰ ঠিকাদাৰ সুৰেশ চন্দ্ৰকাৰৰ ভায়েক ৰিতেশৰ লগত আলোচনা হোৱাৰ কথা আছিল। সুৰেশৰে এটা ঘাটিত তেওঁলোকৰ দেখা হৈছিল। তেতিয়াৰ পৰাই সাংবাদিকজনৰ ফোনটো চুইচ অফ হৈ আছিল।

নিৰুদ্দেশৰ তথ্য লাভ কৰাৰ পিছত লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। বিশেষভাৱে গঠন কৰা এটা দলে সম্ভৱপৰ সকলো ঠাইতে মুকেশৰ সন্ধানত নামে।

শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে চত্তনপাৰা অঞ্চলৰ ঠিকাদাৰ সুৰেশৰ ঘৰৰ পানীৰ টেংকিৰ পৰা যুৱ সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰ কৰে। এইখিনিতে তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, “আমি চিচিটিভিৰ ফুটেজ আৰু মোবাইল ফোনটোৰ শেষৰ স্থান ব্যৱহাৰ কৰি ঠিকাদাৰৰ ঘৰত তালাচী চলালো। তাতে পানীৰ টেংকিৰ ভিতৰৰ পৰা উদ্ধাৰ হয় মৃতদেহটো।”

আৰক্ষীয়ে লগতে কয় যে ঠিকাদাৰজন পলায়ন কৰিলেও তেওঁৰ ভাতৃক জিম্মাত লোৱা হৈছে। আন কেইবাজনকো সোধা-পোছা কৰা হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd