DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাঠশালাত উদ্যমী যুৱকৰ তৎপৰতাত কুমাৰীকাটাৰ পৰিয়ালৰ লোকে ওভতাই পালে নিৰুদ্দিষ্ট লোকক

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 24, 2021 8:59 am
kjkj
298
VIEWS
Share on FacebookShare on Twitter

বজালী জিলাৰ পাঠশালা বৰশিমলা গাঁওৰ ভাষ্কৰ ডেকা নামৰ এগৰাকী যুৱকৰ প্ৰশংসনীয় পদক্ষেপ।

ভাস্কৰৰ তৎপৰতাত বাক্সা জিলাৰ কুমাৰীকাটাৰ পৰা নিৰুদ্দিষ্ট হোৱা ধ্বজেন ৰাজবংশী নামৰ এগৰাকী লোকক পৰিয়ালৰ লোকে ওভতাই পাবলৈ সক্ষম হৈছে।

তামুলপুৰ মহকুমাৰ দক্ষিণ কুমাৰীকাটা নিবাসী ধ্বজেন ৰাজবংশী নামৰ মানসিক ভাৰসাম্য হেৰুওৱা লোক এজন এমাহ মান ধৰি ঘৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও ধ্বজেনৰ কোনো সন্ধান উলিয়াব পৰা নাছিল।
মঙ্গলবাৰে পুৱাৰ ভাগত মানসিক ভাৱে ভাৰসাম্য হেৰুওৱা লোক এজনক পাঠশালাৰ বৰশিমলা গাঁওৰ ভাষ্কৰ ডেকাৰ লগতে স্থানীয় যুৱক কেইজনমানে উদ্ধাৰ কৰে।

লোক জনক সোধা পোছা কৰাত তেওঁৰ ঘৰ বাক্সা জিলাৰ কুমাৰীকাটাত বুলি প্ৰকাশ কৰে।

ভাষ্কৰ ডেকাই লোক জনক দাঢ়ি চুলি কটাই নিজৰ ঘৰলৈ লৈ যায়। তেওঁক ভাস্কৰে গা পা ধুৱাই দিয়ে আৰু নতুন কাপোৰ পিন্ধিবলৈ দি খোৱা লোৱাৰো ব্যৱস্থা কৰে।

ভাষ্কৰে লোকজনক তেওঁৰ ঘৰত ৰাখি থৈ লোকজৰ ফটো ফেচবুকত প্ৰকাশ কৰাৰ উপৰি বিভিন্ন প্ৰক্ৰিয়াৰে লোকজনৰ ঘৰৰ ঠিকনা উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখে।

মঙ্গলবাৰে আবেলি ভাস্কৰৰ বন্ধু অমল হালৈ নামৰ এজন যুৱকে লোকজনৰ সন্দৰ্ভত তামুলপুৰৰ এগৰাকী সংবাদদাতাৰ সৈতে যোগাযোগ কৰে।

লগে লগে সংবাদদাতা জনে দক্ষিণ কুমাৰীকাটা নিৱাসী তথা কুমাৰীকাটা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য গোপদেৱ ভৰালীৰ লগত যোগাযোগ কৰি ফটো পঠাই দিয়ে।

গোপদেৱ ভৰালীয়ে ধ্বজেন ৰাজবংশী নামৰ লোকজন দক্ষিণ কুমাৰীকাটাৰ বুলি চিনাক্ত কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে।

বুধবাৰে ধ্বজেনৰ পৰিয়ালৰ লোক পাঠশালাৰ বৰশিমলা গাঁওত উপস্থিত হৈ ভাষ্কৰ ডেকা আৰু স্থানীয় যুৱক কেইজনক লগ কৰে।

ভাষ্কৰৰ লগতে স্থানীয় যুৱক আৰু গাঁওৰ পুৰুষ- মহিলা সকলে ধ্বজেন ৰাজবংশীক পৰিয়ালৰ লোকৰ হাতত গতাই দিয়ে।

শিক্ষক তথা যুৱ সমাজকৰ্মী ভাষ্কৰ ডেকাৰ প্ৰচেষ্টাক স্থানীয় ৰাইজৰ উপৰিও ধ্বজেনৰ পৰিয়াল আৰু কুমাৰীকাটাবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

Recent News

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd