NORTHEAST NOW (Assamese)

নিৰুদ্দেশ হৈছিল ১৫ বছৰ আগতে, পৰিয়ালেও কৰিলে ভুল : অৱশেষত কি হ’ল এজন ব্যক্তিৰ, জানিবলৈ পঢ়ক

January 25, 2024 7:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 25, 2024 5:19 pm

১৫ বছৰৰ পূৰ্বে কৰ্মৰ সন্ধানত নিৰুদ্দেশ হোৱাৰ সময়ত তেওঁ ডেকা বয়সৰ আছিল। বহু বছৰ বিচাৰি ফুৰাৰ পিছতো পৰিয়ালে কোনো সম্ভেদ বিচাৰি পোৱা নাছিল। 

অৱশেষত ১৫ বছৰৰ পিছত জীৱন্তে ঘৰ পালেহি এজন বিশেষ ব্যক্তি। হেৰুৱা আত্মীয়ক বিচাৰি পাই আনন্দত আত্মহাৰা হৈ পৰিছে মধ্যপ্ৰদেশৰ বালাঘাট গাঁও।

মানুহজনৰ নাম ব্ৰজলাল বাইগা। কাম বিচাৰি মহাৰাষ্ট্ৰৰ নাগপুৰলৈ গৈছিল। তেনেকৈয়ে জীৱিকাৰ খাতিৰত এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ ঘূৰি ফুৰিছিল ব্ৰজলাল বাইগা।

বিভিন্ন ৰাজ্যলৈ গৈ তেওঁ পথাৰত কাম কৰিছিল, নাৰিকল পানী বিক্ৰী কৰিছিল। অৱশেষত ঝাৰখণ্ডৰ এজন সমাজকৰ্মীয়ে তেওঁৰ ঘৰৰ ঠিকনা হেৰুৱাৰ কথা গম পালে। ঘৰৰ ঠিকনাৰ বিষয়ে প্ৰশাসনক অৱগত কৰি তেওঁলোকে ১৫ হাজাৰ টকা সংগ্ৰহ কৰি অৱশেষত তেওঁক ঘৰলৈ উভতি অহাৰ ব্যৱস্থা কৰিলে।

ব্ৰজলালে ঘৰ এৰি যোৱাৰ সময়ত তেওঁৰ বয়স আছিল ৩৭ বছৰ। ঘূৰি অহাৰ সময়ত তেওঁৰ বয়স আছিল ৫২ বছৰ। একে সময়তে তেওঁৰ অস্তিত্বৰ খবৰ পাই পৰিয়ালৰ লোক স্তম্ভিত হৈ পৰে। 

উল্লেখ্য যে ১৫ টা বছৰে ব্ৰজলালৰ সম্ভেদ নাপায় মৃত্যুৰ সন্দেহত ব্ৰজলালৰ শ্ৰাদ্ধও পাতিছিল আত্মীয়-স্বজনে।

Related News